ধূপধৰাত আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল আৰম্ভ, উদ্বোধনী খেলত গোৱালপাৰাৰ জয়লাভ

ধূপধৰাত আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল আৰম্ভ, উদ্বোধনী খেলত গোৱালপাৰাৰ জয়লাভ

ডিজিটেল সংবাদ, ধূপধৰাঃ অসম ফুটবল সন্থাৰ ২৩ সংখ্যক আন্তঃ জিলা ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাখন মঙলবাৰৰ পৰা গোৱালপাৰা জিলাৰ ধূপধৰাত আৰম্ভ হৈছে৷ গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ধূপধৰাৰ বিকালী ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত গোবিন্দ ৰাম মৌৰ আৰু বাণাৰসী দেৱী সোঁৱৰণী ট্ৰফী ২০১৯-২০ প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত গোৱালপাৰা জিলা মহিলা দলে ভেৰগাঁও মহিলা ফুটবল দলক ৪-২ গ'লত পৰাস্ত কৰে।

প্ৰথমাৰ্ধৰ ৯ মিনিটতে ভেৰগাঁও দলে প্ৰথমটো গ'ল দি অগ্ৰগতি লাভ কৰে যদিও ২২ মিনিটত দলটোৰ খেলুৱৈয়ে এটা আত্মঘাতী গ'ল দিয়ে আৰু স্ক'ৰ ১-১ গ'লত ড্ৰ হয়৷ ইয়াৰ মাত্ৰ দুই মিনিট পিচতে গোৱালপাৰা দলৰ হৈ চালবিনা চাংমাই এটা গ'ল দিয়াৰ ফলত গোৱালপাৰা দলে ২-১ গ'লত অগ্ৰগতি লাভ কৰে৷

দ্বিতীয়াৰ্ধত অৰ্থাৎ খেলৰ ৪৩ মিনিটত পুনৰ ভেৰগাঁও দলৰ জোনাকী বড়োয়ে এটা গ'ল দি খেলখনত ২-২ গ'লত সমতা স্থাপন কৰে৷ ইয়াৰ পিচতে অৱশ্যে গোৱালপাৰা দলে আক্ৰমণাত্মকভাৱে খেলি ক্ৰমে ৫৩ আৰু ৭৫ মিনিটত গোৱালপাৰা দলৰ ফ'ৰৱাৰ্ড প্ৰাইচি জি মোমিনে দুটাকৈ গ'ল দি খেলখনত ৪-২ গ'লৰ ব্যৱধানত জয়লাভ কৰে৷ ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই৷

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে অসম ফুটবল সন্থাৰ পতাকা উত্তোলন কৰে গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন দাসে৷ আনহাতে গোৱালপাৰা জিলা ক্ৰীড়া সন্থা আৰু বিকালী ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে অসম ফুটবল সন্থাৰ মেচ কমিছনাৰ তাজমহল হুছেইন আৰু বিকালী ক্ৰীড়া সন্থাৰ সভাপতি ড° আব্দুল হক আহমেদে৷ উদ্বোধনী অনুষ্ঠানত অসম ফুটবল সন্থাৰ লগতে গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in