ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ

ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ

ডিজিটেল সংবাদ, ধূপধৰাঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত নৈৰ কাষৰীয়া ঠাইসমূহ বিপজ্জনক হৈ থকাৰ সময়তে জিলাখনৰ ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকো এখনৰ পৰা নৈৰ পানীত পৰি এজন লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত ধানবৰী-লাউডোবা সংযোগী পথত তথা দেওশীলা মৰানদী নামৰ নৈখনৰ ওপৰত থকা বাঁহৰ সাকোখনেৰে লোকজনে পাৰ হ'বলৈ লওঁতেই দুৰ্ঘটনাবশত সাঁকোখনৰ পৰা পানীত পৰি যায়।

এই ঘটনাৰ পিছতে অঞ্চলটোত হুৱা দুৱা লাগে যদিও লোকজন পানীৰ সোঁতত সন্ধানহীন হৈ পৰে৷ লোকজনৰ সন্ধানৰ বাবে শনিবাৰে স্থানীয় ৰাইজৰ সহযোগত গোৱালপাৰাৰ পৰা অহা এটা এছ ডি আৰ এফ বাহিনীৰ দলে সেই অঞ্চলটোত উদ্ধাৰ অভিযান চলায়। বহু সময়ৰ অন্তত অৱশ্যে শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা লোকজনৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত লোকজন ধানবৰী নিৱাসী আলতাপ হুছেইন (৩২) বুলি জানিব পৰা গৈছে। বিপদ সংকুল সাকোঁখন পাৰ হওঁতেই এই অঘটন সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in