ডিজিটেল সংবাদ, ধূপধৰাঃ অহা ৬, ৭, আৰু ৭ মাৰ্চ তাৰিখে তিনিদিনীয়াকৈ 'ধূপধৰা গ্ৰন্থমেলা'ৰ আয়োজন কৰা হৈছে ৷ ৰূপজ্যোতি শাখা সহিত্য সভাৰ উদ্যোগত আৰু সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ সহযোগত আয়োজন কৰা এই গ্ৰন্থমেলাত গুৱাহাটীৰ কেবাখনো আগশাৰীৰ গ্ৰন্থ বিপনীৰ লগতে স্থানীয় গ্ৰন্থবিক্ৰেতাৰ প্ৰতিষ্ঠানো অংশ গ্ৰহণ কৰিব ৷
ইফালে গ্ৰন্থমেলাৰ আটাই কেইদিনতে সাহিত্য সম্বন্ধীয় বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ ৰূপজ্যোতি শাখা সাহিত্য সভাৰ প্ৰাংগনত অনুষ্ঠিত হ'বলগীয়া 'ধূপধৰা গ্ৰন্থমেলা' ৰ কাৰ্যসূচী অনুসৰি ছয় মাৰ্চৰ পুৱা পতাকা উত্তোলন, আবেলি দুই বজাত গ্ৰন্থমেলা উন্মোচনী সভা আৰু তাৰ পিচতে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব ৷
সাত মাৰ্চৰ দিনা পুৱা ন বজাত অসম সাহিত্য সভাৰ 'আকাশ' নামৰ মহিলাসকলৰ অনুষ্ঠানৰ লগতে আবেলি দুই বজাত অনুষ্ঠিত হ'ব কবি সন্মিলন ৷ আনহাতে আঠ মাৰ্চ তাৰিখে পুৱা দহ বজাত অসম সাহিত্য সভাৰ 'কুঁহি' নামৰ শিশুসকলৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷
আবেলি দুই বজাত মুকলি সভা অনুষ্ঠিত হ'ব আৰু সভাত অসমৰ কেবাগৰাকী বিশিষ্ট সাহিত্যিক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷ গ্ৰন্থমেলাখন পৰিচালনাৰ বাবে ইতিমধ্যে এখন পৰিচালনা সমিতি গঠন কৰা হৈছে ৷