ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন

ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সহযোগত বুধবাৰে ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ কাৰ্যসূচী অনুসৰি বায়খোৰ পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ডঃ বিভূতি কলিতাই৷ ইয়াৰ পিছত ছহিদ তৰ্পণ আৰু গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী তথা ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ধনেশ্বৰ ৰাভা আৰু বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি হৰ্ষণ বসুমতাৰীয়ে৷

পুৱা দহ বজাত ৰাভা জনগোষ্ঠীসকলৰ পৰম্পৰাগত বায়খো উৎসৱৰ পূজা বিধি অনুসৰি আৰম্ভ হয়৷ উল্লেখ্য যে, ৰাভা জনগোষ্ঠীৰ লোকসকলে বছৰটোত কৃষিকৰ্ম শুভাৰম্ভ কৰাৰ পূৰ্বে পৰম্পৰাগতভাৱে এই বায়খো উৎসৱ পালন কৰি আহিছে৷ ইয়াৰোপৰি বাৰিষাৰ পূৰ্বে খেতি ভাল হোৱা আৰু বিভিন্ন অসুখৰ পৰা হাত সাৰিবলৈও এই উৎসৱ অতীজৰে পৰা পালন কৰি আহিছে ৰাভা জনগোষ্ঠীৰ লোকসকলে৷ আনহাতে দিনৰ দুই বজাত 'বায়খোৰ তাৎপৰ্য আৰু নৱপ্ৰজন্মৰ দায়বদ্ধতা' শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷

ডঃ বিভূতি কলিতাই সঞ্চালনা কৰা আলোচনা চক্ৰত আলোচক হিচাপে অংশ গ্ৰহণ কৰে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অসীম কুমাৰ ৰাভা, বিকালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অমল ৰাভা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক জয়চন্দ্ৰ দাবাঙে৷ ইফালে সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে বায়খো উৎসৱৰ অন্যতম আকৰ্ষণ 'বাৰ নাক্ কায়' অৰ্থাৎ জ্বলন্ত জুই আৰু অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰা হয়৷

উল্লেখ্য যে, বায়খো উৎসৱৰ বায়খো দেৱীক সন্তুস্ত কৰিবলৈ 'বায়ব্ৰা' অৰ্থাৎ নৃত্য কৰা লোকসকলে তিনি দিন তিনি ৰাতি অনাহাৰে থাকি বিভিন্ন নীতি নিয়মেৰে পূজা অৰ্চনা কৰাৰ অন্তত আৰধ্য দেৱীক সন্তুস্ত কৰিবৰ বাবে এনেদৰে জ্বলন্ত জুই আৰু অঙঠাৰ ওপৰত নৃত্য কৰে৷ তেওঁলোকৰ বিশ্বাস অনুসৰি 'বায়ব্ৰা' সকলৰ দেৱীৰ আশিৰ্বাদত এই নৃত্য কৰা যুৱক সকলৰ একো ক্ষয় ক্ষতি নোহোৱাকৈ নৃত্য কৰিবলৈ সক্ষম হয়৷ জুইৰ ওপৰত কৰা এই নৃত্যক ৰাভা ভাষাত 'নকাই' বুলি কোৱা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in