বগা চাউলৰ বৃহৎ কলা বজাৰঃ ধুবুৰীৰ পৰা মেঘালয়-বাংলাদেশলৈ যায় কুইন্টল কুইন্টল সুলভ মূল্যৰ চাউল, জব্দ ১ হাজাৰ কুইন্টল চোৰাং চাউল…

বগা চাউলৰ বৃহৎ কলা বজাৰঃ  ধুবুৰীৰ পৰা মেঘালয়-বাংলাদেশলৈ যায় কুইন্টল কুইন্টল সুলভ মূল্যৰ চাউল, জব্দ ১ হাজাৰ কুইন্টল চোৰাং চাউল…


ডিজিটেল সংবাদ,ধুবুৰীঃ ৰাজ্যত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউলৰ ভয়াৱহ ভাবে চলিছে বগা চাউলৰ কলা বজাৰ। ধুবুৰীৰ পৰা মেঘালয় আৰু বাংলাদেশলৈ চোৰাং ভাবে চালান হৈছে সুলভ মূল্যৰ কুইন্টল কুইন্টল চোৰাং চাউল। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে গোপন বুজাবুজি কৰি একাংশ চাউল মাফিয়া ব্যৱসায়ীয়ে দীৰ্ঘ দিনৰে পৰা মেঘালয়কে ধৰি আন ৰাজ্যৰ উপৰি বাংলাদেশলৈ বগা চাউলৰ কলা বেপাৰ চলাই আহিছে বুলি অভিযোগ উঠি আহিছে। কিন্তু এনে অভিযোগৰ প্ৰতি বিভাগে গুৰুত্ব প্ৰদান নকৰিলেও আজি জিলা উপায়ুক্তৰ নিৰ্দেশনাৰ বাবে উপায়ন্তৰ হৈ এখন ব্যক্তিগত চাউলৰ গুদামত অভিযান চলায় বিভাগীয় বিষয়াৰ এটা দলে।

দীৰ্ঘ দিনে ৰহস্যজনক ভূমিকা অৱলম্বন কৰা যোগান বিভাগে আজি জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশ পাই তৰা নৰা চিগি গৈ ধুবুৰীৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ গুদাম ঘৰত অভিযান চলাই। অভিযানত মুঠ ১ হেজাৰ ১ কুইন্টল ৬১ কিলোগ্ৰাম সুলভ মূল্যৰ চোৰাং চাউল জব্দ কৰে বুলি উল্লেখ কৰি জিলা উপায়ুক্তৰ নিৰ্দেশৰ ভিত্তিত এই অভিযান চলোৱা বুলি মন্তব্য কৰে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীয়ে।

লগতে উপ সঞ্চালক গৰাকীয়ে এক চাঞ্চল্যকৰ স্বীকাৰোক্তি দি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে যোগাযোগ কৰাত বাংলাদেশলৈ চাউলৰ চোৰাং চালানৰ কোনো তথ্য নাই বুলি উল্লেখ কৰাৰ সমান্তৰাল ভাৱে নামনিৰ ধুবুৰী গোৱালপাৰা আৰু বঙাইগাঁওকে ধৰি কেইবাখনো জিলাৰ পৰা সুলভ মূল্যৰ চাউল মেঘালয়কে ধৰি বিভিন্ন ৰাজ্যলৈ চোৰাং চালান হয় বুলি উল্লেখ কৰে। দীৰ্ঘ দিনৰে পৰা বগা চাউলৰ এনে কলা বজাৰ চলি থকাৰ তথ্য বিভাগীয় কৰ্তৃপক্ষৰ হাতত থকাৰ পিছতো কিদৰে প্ৰতি মাহে কুইন্টল কুইন্টল সুলভ মূল্যৰ চাউল মেঘালয় আৰু বাংলাদেশলৈ চালান হৈ আহিছে।

উল্লেখ্য যে, ধুবুৰী ঈদগাহৰ কাষতে থকা প্ৰতিষ্ঠিত ব্যৱসায়ী আব্দুৰ ৰহমানৰ এ আৰ ট্ৰেডাৰ্চ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ গুদাম ঘৰত ভাৰতীয় খাদ্য নিগমৰ লেবেল থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল জমা ৰখাৰ এক গোপন তথ্য লাভ কৰে ধুবুৰী জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীয়ে। এনে গোপন খবৰৰ ভিত্তিত জিলা উপায়ুক্ত গৰাকীয়ে ধুবুৰী জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীয়ে দুগৰাকী পৰিদৰ্শকক লগত লৈ উক্ত গুদাম ঘৰত উপস্থিত হৈ তালাচি অভিযান চলায়।

অভিযানত প্ৰথমতে ৪১ কুইন্টল ৬০ কিলোগ্ৰাম সুলভ মূল্যৰ চাউল বুলি এশ শতাংশ নিশ্চিত হোৱাৰ পিছত চাউলখিনি জব্দ কৰে। আনহাতে মৰাপাটৰ বস্তাত থকা সুলভ মূল্যৰ চাউলখিনি চোৰাং ভাবে আনি ব্যক্তিগত গুদাম ঘৰত জমা কৰি বিভিন্ন ব্ৰেণ্ডৰ লেবেল থকা ২৫ কিলোগ্ৰামৰ পেকেটত ভৰাই কলা বজাৰত বিক্ৰী কৰাৰ বাবে সাজু কৰি ৰখা মুঠ ৯৬০ কুইন্টল চাউল জব্দ কৰে। মুঠৰ ওপৰত আজি গুদাম খনৰ পৰা এহেজাৰ এক কুইন্টল একষাঠি কিলোগ্ৰাম চাউল জব্দ কৰে। চোৰাং চাউলখিনি জব্দ কৰাৰ পিছত উক্ত গুদামঘৰটো ছিল কৰি দিয়ে।

ইপিনে লক্ষণীয় বিষয় যে, কিছুদিন পূৰ্বে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৃথক কম্প্লেক্সৰ আন এখন গুদাম ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চোৰাং চাউল জব্দ কৰি গুদাম ঘৰ ছিল কৰিছিল জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে। যদিওঁ তদন্ত কি পৰ্য্যায়ত আছে সেয়াও ৰহস্যজনক। কিন্তু বিভাগীয় ভাবে নিৰপেক্ষ তদন্ত কৰা হলে বগা চাউলৰ কলা বেপাৰৰ বৃহৎ ছিণ্ডিকেটত কোন কোন জড়িত হৈ আছে সেয়া স্পষ্ট হব। আনহাতে পোহৰলৈ আহিব পাৰে সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীৰ লগতে এচাম বিষয়াৰ কলা অধ্যায়। যদিওঁ তদন্তৰ ক্ষেত্ৰত বিভাগে কেনে ভূমিকা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।

উল্লেখ্য যে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কুইন্টল কুইন্টল সুলভ মূল্যৰ বগা চাউলক লৈ ধুবুৰীৰ একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে বৃহৎ কলা বজাৰ চলাই আহিছে দীৰ্ঘ দিনৰে পৰা। যদিওঁ বিভাগীয় কৰ্তৃপক্ষই সকলো জানি শুনিও মাহেকীয়া গোপন বুজাবুজিৰ ভিত্তিত নজনাৰ ভাও ধৰি আহিছে। কিন্তু আজি জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনাৰ বাবেই উপায়ন্তৰ হৈ অভিযান চলোৱা দেখা গল সুলভ মূল্যৰ কলা বজাৰত।

যি সময়ত এমুঠি অন্নৰ বাবে জিলাখনৰ হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালে হাহাকাৰ কৰিব লগীয়া হৈছে। তেনে সময়তে আজি এহেজাৰ কুইন্টলকৈ অধিক পৰিমাণৰ সুলভ মূল্যৰ চোৰাং চাউল ব্যক্তিগত গুদামৰ পৰা উদ্ধাৰ হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সচেতন মহলে। লগতে চাউলৰ চোৰাং কাৰবাৰৰ ক্ষেত্ৰত নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in