ধুবুৰীৰ চান্দাখোলত আৰক্ষীৰ তীৰ বিৰোধী অভিযান, আটক ২

ধুবুৰীৰ চান্দাখোলত আৰক্ষীৰ তীৰ বিৰোধী অভিযান, আটক ২

ডিজিটেল সংবাদ, ধুবুৰীঃ দীৰ্ঘদিনৰে পৰা ধুবুৰীত অবৈধ তীৰ আৰু এণ্ডিং খেল চলি থকাৰ সময়ত আৰক্ষীয়ে মাজে সময়ে অভিযান চলায় যদিওঁ পৰৱৰ্তী সময়ত পুনৰ তীৰ আৰু এণ্ডিং খেল চলি থকা পৰিলক্ষিত হয়। কিন্তু শুকুৰবাৰে ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী চান্দাখোল বজাৰত অভিযান চলায়।

আৰক্ষীয়ে এই তীৰ বিৰোধী অভিযানত এটা তীৰৰ ঘাটি উৎখাত কৰাৰ বিপৰীতে দুজনকৈ তীৰৰ বুকি কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত বুকীদ্বয় কচুৱাৰ খাচ প্ৰথম খণ্ডৰ আব্দুল আজিজ আৰু বৰুৱাৰ ভিটা তৃতীয় খণ্ডৰ জহিৰুল ইছলাম বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷ অৱশ্যে ধুবুৰী আৰক্ষীৰ এই অভিযান পৰৱৰ্তী সময়ত কি দৰে চলে সেয়াই লক্ষনীয় বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in