ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য…

ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য…

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰী সদৰ থানাৰ আৰক্ষীয়ে ধাৰাবাহিকভাবে অভিযান চলাই থকাৰ পৰিপেক্ষিতত বৃহৎ সাফল্য লাভ কৰে।উল্লেখ্য যে ধুবুৰীৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ টেবলেট, ক'ফচিৰাফ, নিচা জাতীয় ড্ৰাগছ সহ ড্ৰাগছ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী জন কুৰৱান আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ধুবুৰী চহৰৰ ১১নম্বৰ ৱাৰ্ডৰ বাহাদুৰটাৰী অঞ্চলৰ বাসিন্দা কুৰৱান আলী নামৰ যুৱক জনে দীৰ্ঘ দিনৰ পৰা নিচা জাতীয় ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা বুলি ধুবুৰীৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক গোপন তথ্য লাভ কৰে । উক্ত তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ , অতিৰিক্ত আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মণ, উপ-আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী সদৰ থানাৰ আৰক্ষীৰ এটি বৃহৎ দলে ড্ৰাগছ ব্যৱসায়ী কুৰবান আলীৰ ঘৰত সোমবাৰে সন্ধিয়া অভিযান চলাই বূজন পৰিমানৰ নিচা জাতীয় ড্ৰাগছ জব্দ কৰাৰ লগতে কুাৰৱান আলীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয়।নিজ বাসগৃহত কাঠৰ গুৰাৰ ভিতৰত নিচা জাতীয় সামগ্ৰী খিনি লুকাই ৰাখিছিল।

জব্দকৃত সামগ্ৰী খিনিৰ মূল্য প্ৰায় ছয় লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে । ধুবুৰী আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়েই ধাৰাবাহিকভাবে অসামাজিক কাৰ্যকলাপ,গৰু চোৰাং আৰু ড্ৰাগছ নিৰ্মূল অভিযান তীব্রতৰ কৰি তুলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in