ধুবুৰীত এক সপ্তাহে অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি…

ধুবুৰীত এক সপ্তাহে অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি…

ডিজিটেল সংবাদ, ধুবুৰীঃ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ কৰা, নিয়মীয়াকৰণ নোহোৱালৈকে ঠিকাভিত্তিক কৰ্মচাৰী সকলক আন চৰকাৰী কৰ্মচাৰীৰ সমহাৰত গ্ৰেড পে সহ দৰমহা প্ৰদান কৰা আৰু আন চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰা ধৰণে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা ঠিকাভিত্তিক কৰ্মচাৰী সকলক প্ৰদান কৰাকে ধৰি তিনি দফীয়া দাবীৰ ভিত্তিত যোৱা এক অক্টোবৰৰ পৰা ৰাজ্যৰ ঠিকাভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ কৰ্মচাৰী সকলে এক দীঘলীয়া কৰ্মবিৰতিৰে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে৷

উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰতিখন জিলাক সামৰি লৈ প্ৰায় দহ বছৰমান পূৰ্বে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুঠ ৮৬২০ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক নিয়োগ কৰিছিল বিভিন্ন উন্নয়ন খণ্ড এলেকাৰ পঞ্চায়ত সমূহত। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত দিনৰাতি একাকাৰ কৰি নিজৰ কৰ্তব্য পালন কৰি থকাৰ পিছতো চৰকাৰে এইসকল কৰ্মচাৰীক মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ উত্থাপিত হৈছে। কাৰণ বিগত দিনত বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক অৱগত কৰা হৈছে যদিওঁ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই চৰকাৰে।

একাংশ কৰ্মচাৰীয়ে মাহেকৰ শেষত মাত্ৰ ৯২৪০ টকা দৰমহা হিচাপে লাভ কৰিছে। যদিওঁ ঠিকাভিত্তিক কৰ্মচাৰী সকলে কোৱা মতে, সেই টকা দুৰ্গম অঞ্চলত থকা পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত অহা যোৱা কৰোঁতেই শেষ হয় ধনখিনি। ধুবুৰীৰ বীৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বিভিন্ন পঞ্চায়তত নিয়োজিত পয়ত্ৰিশ গৰাকী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বৃহস্পতিবাৰে এক সপ্তাহে কৰ্মবিৰতিৰে আন্দোলন চলাই গৈছে ।

উল্লেখযোগ্য যে, ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাৰ প্ৰতিটো উন্নয়ন খণ্ডত কৰ্মৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক, গাঁও পঞ্চায়ত সমন্বয়ক, স্বীকৃতিপ্ৰাপ্ত অভিযন্তা , ব্লক এম আই এছ মেনেজাৰ সকলে যোৱা এক অক্টোবৰৰ পৰা চাৰি অক্টোবৰ আৰু ন অক্টোবৰৰ পৰা এঘাৰ অক্টোবৰ লৈকে চলাই যোৱা এনে কৰ্মবিৰতিৰ পৰিণতিত এতিয়া বিভাগটোৰ সকলো কাম-কাজ একপ্ৰকাৰ বন্ধ হৈ পৰিছে।

ইপিনে এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি নিদিলে পৰৱৰ্তী সময়ত এই ঠিকাভিত্তিক কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণৰ ভাবুকি প্ৰদান কৰিছে চৰকাৰক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in