স্বাধীনতাৰ ৭৩ বছৰে পূৰ্ণ নহ’ল মোৰ সপোন…

স্বাধীনতাৰ ৭৩ বছৰে পূৰ্ণ নহ’ল মোৰ সপোন…



ডিজিটেল সংবাদ, ধুবুৰীঃ মই তেতিয়া স্কুলত আছিলোঁ। হঠাৎ শিক্ষকৰ মুখেৰে খবৰ পাইছিলোঁ। ভাৰত বৰ্ষই লাভ কৰিছে স্বাধীনতা। ১৯৪৭ চনৰ ১৫ আগষ্টত শিক্ষক আৰু সমনীয়াৰ সৈতে প্ৰথম পতাকা উত্তোলন কাৰ্য্যসূচীত ভাগ লৈছিলোঁ। তেতিয়া বহুত আনন্দ উপভোগ কৰিছিলোঁ। পতাকা উত্তোলন কৰাৰ পিছত দিনটো সমনীয়াৰ সৈতে বহু খেল ধেমালি কৰিছিলোঁ। কিন্তু আজি বহুত পৰিৱৰ্তন হৈছে।

সেইদিনা যি সপোন দেখিছিলোঁ সেই সপোন আজিও আধৰুৱা হৈ থাকিল। পূৰণ নহল সপোন। সাতটা দশকৰ পূৰ্বে সেই বিশেষ দিনটোৰ স্মৃতি বুকুত বুকুত বান্ধি ৰখা তেতিয়াৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু আজিৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ মন্তব্য এয়া।

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। সাতটা দশক পূৰ্বে ১৯৪৭ চনৰ ১৫ আগষ্টৰ আজিৰ দিনটোতে ভাৰতে ব্ৰিটিছ পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতা লাভ কৰিছিল৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিৰাজ কৰিছে স্বাধীনতা দিৱসৰ উছাহ আনন্দ৷ সকলোৱে দেশৰ ত্ৰিৰঙা পতাকা উত্তোলন কৰাৰ বাবে আশাৰে বাট চাই আছে। সমান্তৰাল ভাৱে ধুবুৰীৰ এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক আশীৰ দেউনা পাৰ কৰিলেও সাজু হৈ আছে এই বিশেষ দিনটো উদযাপন কৰিবলৈ৷

দেশে স্বাধীনতা লভা সেই বিশেষ দিনটোৰ উৎসাহ-উদ্দীপনা বিৱৰিবলৈ গৈ আজিও চকু পানী টুকিছে ধুবুৰীৰ আজিজুৰ ৰহমান নামৰ এগৰাকী আশীৰ উৰ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ৷ উল্লেখ্য যে ১৯৩৫ চনৰ ৩০ চেপ্টেম্বৰত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তীৰ মহামায়া চৰত জন্মগ্ৰহণ কৰা আজিজুৰ ৰহমান নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজন ভাৰত বৰ্ষই স্বাধীনতা লভাৰ সময়ত আছিল এজন স্কুলীয়া ছাত্ৰ৷

সাংবাদিকৰ আগত ১৯৪৭ চনৰ ১৫ আগষ্টৰ সেই বিশেষ দিনটোৰ কথা কবলৈ গৈ একপ্ৰকাৰ আবেগিক হৈ পৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰহমানে। সেই বিশেষ দিনটোৰ স্মৃতি ৰোমন্থন কৰি ৰহমানে কয় যে, "মই সেই সময়ত অষ্টম মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ৷ স্বুলৰ চাৰৰ পৰা শুনিলোঁ আমাৰ দেশ স্বাধীনতা লাভ কৰিছে৷ সেই খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে চৌদিশে আনন্দোৎসৱৰ সৃষ্টি হয়৷ আমি স্কুল প্ৰাংগণত জাতীয় পতাকা তুলিছিলোঁ৷ তাৰ পিছতেই ফুটবল, হা-ডু-ডু, ডাংগুটি, কাবাডি আদি বিভিন্ন খেল ধেমালি কৰিছিলোঁ৷ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে সদৰী কৰামতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ ১৪৮১ নং ঘোৰামাৰা এল পি স্কুল প্ৰাঙ্গণত শিক্ষাগুৰু-সহপাঠীসহ অঞ্চলটোৰ অলেখ ৰাইজৰ উপস্থিতিত জাতীয় পতাকা উত্তোলন কৰা হৈছিল৷

৬০ৰ দশকতে শিক্ষকতা বৃত্তি আৰম্ভ কৰা এই গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে ১৯৯৭ চনৰ এপ্ৰিলত ধুবুৰীৰ স্থানীয় ৭৩৮ নং মুকুল জে বি স্কুলৰ পৰা শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰিছে৷ বৰ্তমানে চহৰখনৰ বাহাদুৰটাৰীৰ এটি সৰু, টিনৰ ঘৰত সপত্নীক বাস কৰা অৱসৰপ্ৰাপ্ত শিক্ষক ৰহমানে৷ শিক্ষক গৰাকীয়ে কয়ঃ "সেই সময়ত ভাৰত বৰ্ষত ৪০ কোটি মানুহ আছিল৷ বৰ্তমানে সেয়া বৃদ্ধি হৈ গৈ ১৩০/৪০ কোটি হৈছেগৈ৷ মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ ল'গে ল'গে মানুহৰ মাজত হত্যা, হিংসা বিদ্বেষ ভাৱ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মানুহৰ আচাৰ-ব্যৱহাৰৰো আমূল পৰিৱৰ্তন ঘটিছে৷

যত হিন্দু মুছলমানৰ মাজত ভেদাভেদ আৰম্ভ হৈছে। যি ভেদাভেদ সেই সময়ত নাছিল। লগতে কয়ঃ সেই সময়ত সকলো সম্প্ৰদায়ৰ লোকৰ মাজত ভাতৃত্বতবোধ আৰু মিলাপ্ৰিতী অাছিল৷' উল্লেখযোগ্য যে, অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ স্কুলীয়া জীৱনৰ সৈতে বৰ্তমানৰ সময়ৰ তুলনা কৰিবলৈ এইদৰেই আবেগ প্ৰকাশ কৰে সাংবাদিকৰ আগত৷

আনহাতে দেশে স্বাধীনতা পোৱাৰ ৭৩ বছৰ হ'ল যদিও ইমান বছৰে আশানুৰূপ উন্নতি নোহোৱা বুলি এক আক্ষেপো আছে অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকীৰ৷ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে কয়ঃ "ভাৰত বৰ্ষই স্বাধীনতা লভাৰ সময়ত আমি দেশৰ সকলোৰে উন্নতি হ'ব বুলি আশা কৰিছিলোঁ৷ মুলতঃ শিক্ষাৰ ক্ষেত্ৰত অধিক উন্নতি হোৱা আশা আছিল৷ কিন্তু সেয়া এতিয়াও হৈ নুঠিল৷" বহু সপোন আছিল যদিওঁ আধৰুৱা হৈ থাকিল সেই সপোন। অৱশ্যে আশা এৰা নাই অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে৷ "চৰকাৰে চেষ্টা কৰি আছে উন্নতি হব বুলি চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰে তেওঁ৷

লগতে আমি কৰা আশাবোৰ এদিন পূৰণ হ'বই আৰু দেশৰ সৰ্বাঙ্গীন বিকাশ হ'বই বুলি তুমুল আত্মবিশ্বাস প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে৷ বৰ্তমান হৃদজনিত ৰোগত আক্ৰান্ত হৈ থকা অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ কেতিয়াও নাপাহৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in