ধুবুৰীত ইৰাণী গোটৰ সদস্য গ্ৰেপ্তাৰ

ধুবুৰীত ইৰাণী গোটৰ সদস্য গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ সোমবাৰে ধুবুৰী আৰক্ষীৰ "কপ ৰাইডাৰ্চ" নামৰ আৰক্ষীৰ বিশেষ স্কোৱাডৰ জালত পৰে দুৰ্ধৰ্ষ ইৰাণী গোটৰ এজন সদস্য৷ আবেলি প্ৰায় ৪ মান বজাত ধুবুৰী চহৰখনৰ এছ বি আই বেংকৰ মূল শাখাৰ এগৰাকী গ্ৰাহকৰ পৰা ধন লুটাৰ প্ৰচেষ্টা চলাওঁতে পূৰ্বৰ পৰা সষ্টম হৈ থকা কপ ৰাইডাৰ্চৰ হাতত ধৰা পৰে ইৰাণী গোটৰ সদস্যজন৷ আৰক্ষীয়ে সদৰি কৰা মতে, ধৃত যুৱকজন বিহাৰৰ কাটিহাৰ জিলাৰ কোলহা আৰক্ষী থানাৰ অন্তৰ্গত নয়াট'লাৰ অবিনাশ কুমাৰ যাদৱ৷

যুৱকজনৰ পৰা ভুৱা নম্বৰ প্লেটৰ এখন মটৰ চাইকেল আৰু পাউডাৰ জাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুবুৰী জিলাৰ সদৰ চহৰৰ লগতে গৌৰীপুৰ আৰু বিলাসিপাৰাৰ পৰা ইৰাণী গোটৰ সদস্যই কৌশলেৰে কেইবালাখ টকা লুট কৰি নিবলৈ সক্ষম হৈছিল। যদিওঁ পূৰ্বে এজন ইৰাণী গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ধুবুৰী আৰক্ষীয়ে। কিন্তু ইয়াৰ পিছতো ধুবুৰী আৰক্ষীক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই ইৰাণী গোটে ধুবুৰীত সন্ত্ৰাস অব্যাহত ৰাখিছিল।

যাৰ ফলত ধুবুৰী আৰক্ষীয়ে কেইদিনমান পূৰ্বে কপ ৰাইডাৰ্চ নামেৰে এক আৰক্ষীৰ বিশেষ স্কোৱাড গঠন কৰি প্ৰতিটো বেংকৰ লগতে চহৰ খনত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি ৰাখে। সোমবাৰে ধুবুৰী আৰক্ষীৰ বিশেষ কপ ৰাইডাৰ্চৰ তৎপৰতাৰ বাবেই দুৰ্ধৰ্ষ ইৰাণী গোটৰ সদস্যজন গ্ৰেপ্তাৰ হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in