ধুবুৰীত বানৰ তাণ্ডৱ! ৫৯খনকৈ গাঁও পানীৰ কৱলত…

ধুবুৰীত বানৰ তাণ্ডৱ! ৫৯খনকৈ গাঁও পানীৰ কৱলত…

ডিজিটেল সংবাদ, ধুবুৰীঃ যোৱা কেইদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলাৰ বান পৰিস্থিতি পুনৰ জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমাৰ ওপৰেদি পানী বৈ আছে। ধুবুৰী জিলাখনৰ ৮টা ৰাজহ চক্ৰৰ অৰ্ন্তগত ৫৯খন গাঁৱ এতিয়াও বানৰ কৱলত পৰি আছে। জিলাখনৰ ব্ৰহ্মপুত্ৰ , গংগাধৰৰ লগতে অধিকাংশ উপনৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰৰে বৈ আছে ।

ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনি, আটআনী, বিলাসীপাৰা আৰু চাপৰকে ধৰি ২৫ খন গাঁৱকে ধৰি ৪৫৩৯.৫ হেক্টৰ কৃষিভূমি বানপানীৰ তলত আছে। জিলাখনত ইতিমধ্যে ১১৩৪৯ গৰাকী এতিয়াও বানপানীৰ কবলত আছে বুলি দুৰ্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ তথ্য সদৰি কৰে। বানাক্ৰান্ত ৰাইজৰ বাবে জিলাখনত ১টা আশ্ৰয় শিবিৰত শিশুক লৈ মুঠ ৮০গৰাকী লোক আশ্ৰয় গ্ৰহণ কৰি আছে।

জিলাখনত ৬০৪৫টাৰো অধিক পোহনীয়া জীৱ-জন্তু বানৰ কৱলত আছে। মহকুমাধিপতি মৃদুল যাদৱ, চক্ৰ বিষয়া কাৰ্ত্তিক কলিতা আৰু বিধায়ক অশোক কুমাৰ সিংহীয়ে শনিবাৰে বান কৱলত পৰা ধুবুৰীৰ লক্ষীগঞ্জ, বৰুৱাপাৰা, শিঙিমাৰী, এলেংমাৰী, বাকুৱাভাঙিগাঁও সমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in