ধুবুৰীত ভোট গণনা কেন্দ্ৰত বিজেপি বিধায়কৰ গুণ্ডাগিৰি

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ভোট গণনা কেন্দ্ৰত বিজেপি বিধেয়কৰ গুণ্ডাগিৰি। ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক অশ্বীনি ৰায় সৰকাৰে বৃহস্পতিবাৰে এটা ভোট গণনা কেন্দ্ৰত অনাধিকাৰ প্ৰৱেশ কৰি ভোট গণনা কাৰ্যত নিয়োজিত বিষয়া বিডিঅ আকবৰ হুছেইনক শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ছাগলীয়া পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছ প্ৰাৰ্থীজনে ৬০ টা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি আজি ঘোষণা কৰা হয়। ইফালে, কংগ্ৰেছ প্ৰাৰ্থীজন জয়ী হোৱাৰ ঘোষণা হোৱাৰ পিছতে বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in