ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে ধুবুৰীত ভোটাৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপন…

ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে ধুবুৰীত ভোটাৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপন…

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনে স্থাপন কৰিছে অভিযোগ নিৰীক্ষণ কেন্দ্ৰ ৷ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই সদৰি কৰা মতে ভোটাৰ ৰাইজে বিধানসভা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগ টোল ফ্ৰি ১৯৫০, ১০৭৭ আৰু ০৩৬৬২-২৩১১৪৯ নম্বৰলৈ ফোন কৰি জনাব পাৰিব৷

দিনে নিশাই কাৰ্যক্ষম হৈ থাকিবলগীয়া এই অভিযোগ নিৰীক্ষণ কেন্দ্ৰলৈ ভোটাৰে নিৰ্বাচন সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ উত্তৰ পাবৰ বাবে আৰু সন্দেহ নিৰাময়ৰ বাবেও ফোন কৰিব পাৰিব৷ ৰাইজৰ প্ৰশ্ন বা অভিযোগবোৰ প্ৰয়োজনত কল চেন্টাৰৰ পৰা সংশ্লষ্ট নিৰ্বাচন কোষ বা বিভাগলৈ প্ৰেৰণ কৰিও সমাধানৰ ব্যৱস্থা কৰা হ'ব৷ ৰাইজক এই সুবিধা গ্ৰহণ কৰি সকলোৰে অংশগ্ৰহণেৰে এক স্বচ্ছ আৰু নিকা নিৰ্বাচন অনু্ষ্ঠিত কৰাত সহযোগ কৰিবলৈ নিৰ্বাচন বিষয়া পাৰ্থ প্ৰতীম বৰ্মনে আহ্বান জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in