ধুবুৰীত গড়ৰ চোৰাং খৰ্গ উদ্ধাৰ,৪ চোৰাং ব্যৱসায়ীক আটক…

ধুবুৰীত গড়ৰ চোৰাং খৰ্গ উদ্ধাৰ,৪ চোৰাং ব্যৱসায়ীক আটক…
  • ধুবুৰীত কুখ্যাত গড়ৰ চোৰাং চাৰি ব্যৱসায়ীক আটক ।
  • চহৰখনৰ ঝাগৰাৰপাৰ চতুৰ্থ খণ্ডৰ নুৰ মহম্মদৰ বাসগৃহত আৰক্ষীৰ অভিযান ।
  • আৰক্ষীৰ এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ২ কেজিৰ ওপৰত গড়ৰ খৰ্গ উদ্ধাৰ কৰে ।
  • আৰক্ষীয়ে লগতে কুখ্যাত গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত চাৰি ব্যৱসায়িক আটক কৰে ।
  • আটকাধীন চাৰি চোৰাং ব্যৱসায়ী ক্ৰমে আজাহাৰুল ইছলাম (৩৮ ) , নুৰ মহাম্মাদ (৪৭), জিয়াউল হক ( ৩৮) আৰু ৰাজু সৰকাৰ ( ২০) বুলি আৰক্ষী চিনাক্ত কৰে ।
  • ইয়াৰ পিছত ধুবুৰীৰ আৰক্ষীয়ে বৰ্তমান এই কুখ্যাত গড়ৰ খৰ্গৰ চাৰি চোৰাং ব্যাৱসায়ীক ধুবুৰী সদৰ আৰক্ষী থানাত জেৰা অব্যাহত আছে ।
  • আৰক্ষীয়ে উদ্ধাৰ কৰা গড়ৰ খৰ্গৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১ কোটি টকাৰ ওপৰত হ'ব বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in