শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই…

89

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত শনিবাৰে আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয় অসম চৰকাৰৰ ‘চেতনা’ আঁচনিৰ সজাগতা সভা। এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। মন্ত্ৰী গৰাকীৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে ধুবুৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী, গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব ৰূপক কুমাৰ মজুমদাৰ, সঞ্চালিকা দেৱলা দেৱী দাস, যুটীয়া সঞ্চালিকা মনিদীপা শইকীয়াকে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া আৰু আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক আৰু জিলাৰ দায়িত্বত থকা কেইবাজনো নেতা।

ধুবুৰী জিলাৰ সমাজ কল্যাণ বিভাগে আয়োজন কৰা এই অনুষ্ঠানত প্ৰায় চাৰি হাজাৰ লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, সমাজত বৃদ্ধ মা দেউতাৰ প্ৰতি বা বয়োজ্যেষ্ঠ ব্যক্তি সকলৰ প্ৰতি ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে অমানৱীয় ঘটনা। এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে সেই বৃদ্ধ ব্যক্তি সকলোক ন্যায় প্ৰদানৰ বাবেই কেইবাটাও আইন প্ৰণয়ন কৰিছে আৰু সেই আইনৰ মহত্ত্ব ৰাইজক বুজাবলৈ শনিবাৰৰ এই সজাগতা সভাত ৰাইজৰ উদ্দেশ্য মন্ত্ৰী গৰাকীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানতেই ২০ গৰাকী বৃদ্ধ অভিভাৱকৰ ভৰি ধুই সমাজৰ জ্যেষ্ঠজনলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এটাকৈ কম্বল বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে। ইৰিকা ইংৰিড নন্দী, পাচু গোপাল চক্ৰৱৰ্তী, উদয়ন চক্ৰৱৰ্তী আৰু কালিকান্ত ৰায় আৰু ধীৰেন পালক মুঠ পাঁচজনক সমাজৰ প্ৰতি আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এক সাংস্কৃতিক অনুষ্ঠানৰ অন্তত সজাগতা সভাৰ অন্ত পৰে। ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বি টি এ ডি ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ তদন্ত চলিছে বুলি কৈ আন একো কোৱাৰ পৰা বিৰত থাকে মন্ত্ৰী প্ৰমিলা ব্ৰহ্ম।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি