উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন

উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন

ডিজিটেল সংবাদ, ধুবুৰীঃ উত্তৰ পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক অধ্যাপক ডঃ অৰুণ কুমাৰ শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰী জিলা ভ্ৰমণ কৰি নেকাতাৰ জৰিয়তে থলুৱা সামগ্ৰীত প্ৰযুক্তি ব্যৱহাৰে কেনেকৈ বাণিজ্যিকিকৰণ কৰি লাভাৱাম্বিত হ'ব পাৰি তাৰ বাবে কেইবাখনো সভাত অংশ গ্ৰহণ কৰি মত বিনিময় কৰে। জিলা উপায়ুক্ত সভাকক্ষত উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ পৰিচালনাত অনুস্হিত সভাখনত জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথ, অতিৰিক্ত উপায়ুক্ত নয়ন জ্যোতি ভাগৱতী, নেকাৰ্ডোৰ সঞ্চালক বিনয় ভট্ৰাচাৰ্য আৰু অন্যান্য বিষয়া সকল উপস্হিত থকা সভাখনত নেকতাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাই প্ৰযুক্তিৰ ব্যৱহাৰে থলুৱা সামগ্ৰী সমূহ কেনেদৰে সম্পদ কৰিব পাৰি, প্লাজমা প্ৰযুক্তিৰে কম খৰচতে কৃষক সকলে কেনেদৰে উৎপাদন বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে বিশদ ব্যাখ্যা দাঙি ধৰাৰ উপৰিও পাৱাৰ পইন্ট পেজেণ্টেচন কৰি দেখুৱাই।

উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সজাগতামূলক এক কৰ্মশালা আয়োজনৰ কথা সভাত উল্লেখ কৰে। সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে গোৱালপৰীয়া লোকসংস্কৃতিৰ লোক বাদ্য দোতাৰা আৰু সাৰিন্দাৰ নিৰ্মাণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈও সভাত উল্লেখ কৰে। ইয়াৰ পাছতে আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন কৰাৰ লগতে টেৰাকেটাৰ শিল্পী সকলৰ লগত মত বিনিময় কৰে। নেকতাৰ সঞ্চালকৰ এই ভ্ৰমণে থলুৱা উদ্যোগী সকল আগবাঢ়ি যোৱাত আশাৰ ৰেঙনিৰ সঞ্চাৰ কৰিব বুলি বহুলোকে মতপ্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in