ধুবুৰী অসামৰিক চিকিৎসালয়ত দালালৰ দপদপনি, তিনিজনক গ্ৰেপ্তাৰ…

ধুবুৰী অসামৰিক চিকিৎসালয়ত দালালৰ দপদপনি, তিনিজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ধুবুৰী: দীৰ্ঘদিন ধৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত দালাল ৰাজ চলাই ৰোগী আৰু ৰোগীৰ অভিভাৱকক অতিষ্ঠ কৰি তোলাৰ এক গুৰুতৰ অভিযোগত বুধবাৰে আৰক্ষীয়ে হাতে-লোটে তিনিজন দালালক গ্ৰেপ্তাৰ কৰে। ধুবুৰী অসামৰিক চিকিৎসালয়ত এই তিনি গৰাকী দালালে গেটৰ সম্মুখত থাকি জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা চিকিৎসালয়ত অহা ৰোগী আৰু ৰোগীৰ আত্মীয় সকলোক বিশেষকৈ দুখীয়া তথা দৰিদ্ৰ শ্ৰেণীৰ ৰোগীক বিভিন্ন ধৰণৰ ভীতি প্ৰদৰ্শন কৰি থকাৰ বিষটো ধুবুৰী আৰক্ষীক অভিযোগ দাখিল কৰে ।

আৰক্ষীয়ে এই অভিযোগৰ ভিক্তিত বুধবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত অতৰ্কিতে উপস্থিত হৈ তিনিজন দালালক হাতে-লোটে গ্ৰপ্তাৰ কৰি ধুবুৰী সদৰ থানালৈ লৈ যায় । দালাল কেইজন ক্ৰমে – ৰাবু সেখ, ছজিদুল হুছেইন আৰু আলফাৰুক হুছেইন বুলি আৰক্ষীয়ে চিনাক্ত কৰে । পাছত আৰক্ষীয়ে ধুবুৰী সদৰ থানাত ১৪৭১/২০২১ নম্বৰৰ এখন গোচৰ ৰুজু কৰে । বৰ্তমান দালাল কেইজনক সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in