ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীক চিকিৎসা প্ৰদান কৰিলে চিকিৎসকৰ গাড়ী চালকে…

ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীক চিকিৎসা প্ৰদান কৰিলে চিকিৎসকৰ গাড়ী চালকে…

ডিজিটেল সংবাদ,ধেমাজিঃ ৰোগীক চিকিৎসা কৰাৰ নামত চিকিৎসকৰ পৰিৱৰ্তে চিকিৎসকৰ গাড়ী চালকে চিকিৎসা প্ৰদান কৰা ঘটনাই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ তথ্য অনুসৰি ধেমাজি নগৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ ধেমাজি গুটুং ন'পাম নামৰ গাওঁখনৰ ডিম্পী দিহিঙীয়া নামৰ যুৱতী গৰাকীক শনিবাৰে পুৱা প্ৰায় ১১ মান বজাত পৰিয়ালৰ লোকো ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷

প্ৰথমে ৰোগী গৰাকীয়ে চিকিৎসালয়ৰ পঞ্জীয়ন কক্ষত নাম পঞ্জীয়ন কৰে তাৰ পিছতেই পঞ্জীয়ন কক্ষই চিকিৎসালয়খনৰ ২২ নম্বৰৰ চিকিৎসকৰ কোঠালৈ প্ৰেৰন কৰে ৷ ৰোগীয়ে ২২ নম্বৰ কোঠাত গৈ চিকিৎসকক ৰোগৰ বিষয়ে অৱগত কৰে ৷ তেতিয়া চিকিৎসকে
চিকিৎসালয়ৰ পেডত লিখি আল্ট্ৰাচাউণ্ড কৰিবলৈ ৰোগীক পৰাৰ্ম দিয়ে ৷ ৰোগী গৰাকীয়ে চিকিৎসকৰ কথা বাৰ্তাত সন্দেহ কৰি ওচৰতে থকা ৩ নম্বৰৰ চিকিৎসকৰ কোঠালৈ গৈ তেওঁৰ ৰোগৰ বিষয়ে অৱগত কৰা লগতে ২২ কোঠাৰ চিকিৎসকে চিকিৎসা কৰা কাগজখন
দেখুৱাই ৷

কাগজখন দেখাৰ লগে লগেই ৩ নং কোঠাৰ চিকিৎসক ডাঃ দিগন্ত সোনোৱালে এনেধৰণৰ চহী ধেমাজি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ নহয় বুলি অৱগত কৰাত ৰোগী গৰাকীয়ে পুনৰ ২২ নম্বৰ কোঠালৈ গৈ চিকিৎসকৰূপী যুৱকজনক নানাধৰনৰ প্ৰশ্ন কৰে।

যুৱকজনে উত্তৰত মোক চাৰে চিকিৎসা কৰি থাকিবলৈ দায়িত্ব প্ৰদান কৰে বুলি উল্লেখ কৰে ৷ যুৱতী ৰোগীৰে চিকিৎসা কৰিবলৈ গৈ এনে নাশ্ৰুতনাভূত ঘটনা দেখি আচম্বিত হৈ অসম জাতীয়াবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সৈতে যোগাযোগ কৰে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া ,ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া,সম্পাদক ত্ৰৈলোক্য তামুলী সহ দহ জনীয়া এটি দলে ধেমাজি অসামৰিক চিকিৎসালয়ত
উপস্থিত হৈ ঘটনাৰ সম্পৰ্কে তদন্ত কৰি ৰোগী পৰিয়ালৰ সৈতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দলটিয়ে।

ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা অধীক্ষক যোগেন দাসক লগ ধৰি
ঘটনাৰ বিষয়ে সবিশেষ অৱগত কৰা পিছতেই লগে লগেই ধেমাজি জিলা উপায়ুক্তকো লিখিত অভিযোগ দাখিল কৰে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি উজ্জ্বল চুতীয়াই
২৪ ঘন্টাৰ ভিতৰত ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ নামত এনে আজৱ কাণ্ড
সংঘটিত কৰা ঘটনা তদন্ত কৰি ইয়াৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায় ৷

অতি তাৎপৰ্যপূৰ্ণ বিষয় যে ২২ নম্বৰ কোঠাত চিকিৎসকৰ পৰিৱৰ্তে চিকিৎসক হৈ চিকিৎসা প্ৰদান কৰা যুৱকজনৰ নাম অৱগত ন'হলেও যুৱকজন ২২ নম্বৰ কোঠাটোৰ চিকিৎসকজনৰ গাড়ী চালক বুলি পোহৰলৈ আহিছে ৷ ইফালে ২৪ ঘন্টাৰ ভিতৰত ইয়াৰ কোনো ব্যৱস্থা ন'হলে অহা ১০ আগষ্টত ধেমাজিত এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰিব বুলিও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিষয় ববীয়া সকলে সকীয়াই দিয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in