ধৰ্মীয় গোড়ামী! অসবৰ্ণ বিবাহৰ বাবেই পিতৃৰ নশ্বৰ দেহত সেৱা এটা কৰাৰো অনুমতি দিয়া নহ’ল পুত্ৰক

ধৰ্মীয় গোড়ামী! অসবৰ্ণ বিবাহৰ বাবেই পিতৃৰ নশ্বৰ দেহত সেৱা এটা কৰাৰো অনুমতি দিয়া নহ’ল পুত্ৰক

ডিজিটেল সংবাদ, বিশ্বনাথঃ একবিংশ শতিকাৰ বিজ্ঞানৰ জয় জয়কাৰ সময়তো একাংশ ধৰ্মান্ধ ব্যক্তিৰ ধৰ্মীয় গোড়ামীৰ ববেই নিজৰ পিতৃৰ নশ্বৰ দেহ স্পৰ্শ, দৰ্শন আৰু অন্ত্যোষ্টিক্ৰিয়াৰ পৰা একমাত্ৰ পুত্ৰ বঞ্চিত হ'ব লগা হোৱাৰ ঘটনাই বিশ্বনাথত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত পুত্ৰ ৰূপজ্যোতি ভট্টাচাৰ্যই অভিযোগ কৰে যে, ব্ৰাহ্মণ সম্প্ৰদায়ৰ ছোৱালীৰ লগত বিবাহ পাশত আৱদ্ধ নোহোৱাৰ বাবেই তেওঁক পৰিয়ালৰ একাংশ লোক আৰু বিশ্বনাথ ব্ৰাহ্মণ সমাজৰ একাংশ ব্যক্তিয়ে পিতৃৰ শ্ৰাদ্ধ পিণ্ডৰ পৰা বঞ্চিত কৰি তেওঁৰে সম্পৰ্কীয় এজন ভাতৃৰ হতুৱাই শ্ৰাদ্ধ-পিণ্ডৰ কাৰ্য সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলি গড়েহাগী গাঁৱৰ সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যৰ যোৱা ৮ মাৰ্চ আৰিখে দেহৱসান ঘটে। ব্ৰাহ্মন সামাজৰ ভাষাত অসবৰ্ণ বিবাহ কৰোৱা একমাত্ৰ পুত্ৰই মুখাগ্নি আৰু পিণ্ড দান কৰিলে বিশ্বনাথৰ ব্ৰাহ্মণ সমাজ আৰু তেওঁৰ পৰিয়াল বৰ্গই মৃতকৰ শ্ৰাদ্ধত সহযোগ নকৰে বুলি প্ৰয়াত সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যৰ পত্নী নিৰু ভট্টাচাৰ্যক অৱগত কৰে। যাৰ বাবে মানসিক চাপত পৰি মাতৃ নিৰু ভট্টাচাৰ্যই পৰিয়ালৰ দাবী মানিবলৈ বাধ্য হয়।

তাৎপৰ্যপূৰ্ণ যে ৬ বছৰৰ পূৰ্বে অসবৰ্ণ বিবাহ কৰোৱাৰ বাবে বিশ্বনাথ ব্ৰাহ্মণ সমাজে নানা ধৰনে অভিযোগকৰীৰ পিতৃ-মাতৃক হেঁচা প্ৰয়োগ কৰি স্ব-গৃহৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাইছিল বুলিও অভিযোগ কৰে। মাতৃৰ লগত বৰ্তমানেও সুসম্পৰ্ক থকা বুলি উল্লেখ কৰি পিতৃৰ মৃত্যুৰ খবৰ পাই মাতৃৰ কাষত উপস্থিত হোৱাৰ পাছতেই পিতৃৰ অন্তিম যাত্ৰা আৰু কৰণীৰ কাৰ্যৰ পৰা পুত্ৰক আঁতৰি থাকিবলৈ মৃতকৰ পত্নীক বিশ্বনাথ ব্ৰাহ্মণ সমাজ আৰু পৰিয়ালবৰ্গই হেঁচা প্ৰয়োগ কৰে। আনকি আনুষ্ঠানিকভাৱে পিতৃৰ মৃতদেহত সেৱাও কৰিবলৈ দিয়া নাছিল বুলি উল্লেখ কৰি নিজ পুত্ৰ সক্ষম ভাৱে জীয়াই থকাৰ পাছতো ভতিজাকৰ হতুৱাই মুখাগ্নি কৰাই এতিয়া দৈনিক পিণ্ড দিয়াইছে বুলি অভিযোগ কৰে ৰূপজ্যোতি ভট্টাচাৰ্য।

মাতৃৰ মানসিক দুৰ্বলতাৰ সুযোগ লৈ পৰিয়ালৰে একাংশ আৰু ব্ৰাহ্মণ সমাজে এনেদৰে এজন পুত্ৰৰ পিতৃৰ চৰণযুগল স্পৰ্শ কৰাৰ পৰাও আঁতৰাই ৰখা ঘটনা এতিয়া পোহৰলৈ অহাৰ পিছতে সমাজত চলি থকা তথাকথিত বৰ্ণ বৈসম্যৰ আচল ছবিখনো পোহৰলৈ অহা বুলি বিভিন্নজনে মন্তব্য কৰিছে। পুত্ৰ হৈ পুত্ৰৰ দায়িত্বকণো পালন কৰাৰ সুযোগ নাপাই ৰূপজ্যোতিয়ে এতিয়া সমাজৰ এনে কুসংস্কাৰ আতৰোৱাৰ বাবে সকলোকে অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in