ক্ৰিকেটপ্ৰেমীৰ বাবে দুখবৰ! এদিনীয়াৰ পৰা অৱসৰ ল’ব এম এছ ধোনীয়ে…

ক্ৰিকেটপ্ৰেমীৰ বাবে দুখবৰ! এদিনীয়াৰ পৰা অৱসৰ ল’ব এম এছ ধোনীয়ে…

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিশ্বকাপৰ পাছতেই ক্ৰিকেটক বিদায় দিব মাহীয়ে। সংবাদ মাধ্যমত বিয়পিছে এই খবৰ। ৰাষ্ট্ৰীয় এক সংবাদ মাধ্যমে ধোনীয়ে বিশ্বকাপৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়াৰ পৰাও অৱসৰ লোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে।

আনুষ্ঠানিকভাৱে অৱশ্যে বিচিচিআইয়ে বা খেলুৱৈগৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। উল্লেখ্য যে, ২০১৪ চনতে ধোনীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ২০১৭ চনলৈকে ধোনীয়ে ভাৰতীয় এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব পালন কৰি গৈছিল।

পিটিআইৰ সূত্ৰ মতে এই বিশ্বকাপৰ অন্তিমখন খেল হ'ব ধোনীৰো অন্তিম খেল। যদিয়ে ভাৰতে ইংলেণ্ডৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলে তেন্তে ১৪ জুলাইত লৰ্ডছত ভাৰতীয় দলৰ এই মহান ক্ৰিকেটাৰগৰাকীয়ে এদিনীয়া ক্ৰিকেটক গুড বাই দিব।

সংবাদ মাধ্যমত এই খবৰ চৰ্চা হ'লেও বিচিচিআই আৰু ধোনীয়ে এই সন্দৰ্ভত মুখ খোলা নাই। ভাৰতীয় জাতীয় ক্ৰিকেট দলক সন্মুখৰ পৰা নেতৃত্ব দি বহু সফলতা দিয়া এম এছ ধোনীৰ বিদায়ে ভাৰতীয় ক্ৰিকেট দলতো যথেষ্ট শূণ্যতাৰ সৃষ্টি কৰিব।

১৯৮১ চনৰ ৭ জুলাইত জন্মগ্ৰহণ কৰা এম এছ ধোনীয়ে ২০০৪ চনত প্ৰথম আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভ কৰিছিল। ২০০৭ চনত ধোনীৰ নেতৃত্বতে ভাৰতে আইচিচি ৱৰ্ড টি-২০ত চেম্পিয়ন হৈছিল। ২০১০ আৰু ২০১৬ চনত এছিয়া কাপ জিকিছিল ধোনীৰ নেতৃত্বাধীন ভাৰতীয় দলে। ২০১১ চনত আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপো জয়ী কৰিছিল ধোনী বাহিনীয়ে।

টেষ্টত সৰ্বাধিক ২২৪ আৰু এদিনীয়াত সৰ্বোচ্ছ ১৮৩ ৰান কৰা ধোনী ভাৰতীয় দলৰ কেৱল সফল অধিনায়কে নহয়, নিৰ্ভৰযোগ্য বেটছমেন আৰু চতুৰ উইকেট কীপাৰো। ধোনীৰ এই বিদায়ৰ খবৰে মৰ্মাহত কৰিছে ক্ৰিকেট অনুৰাগীকো। এতিয়া সকলোৱে বাট চাইছে সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰৰ দৰে ধোনীয়ে বিদায় ল'ব নেকি আন্তৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰাও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in