পুনৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ’ব ধোনী!

পুনৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ’ব ধোনী!

ডিজিটেল ডেস্কঃ আই পি এলত চৰম বিফলতাৰ সন্মুখীন হৈ মানসিকভাৱে ভাগি পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী। আই পি এলৰ কোনো এটা চিজনতে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই বিৰাট কোহলীৰ নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। দলটোত এবি ডেভিলায়ৰ্ছ, মিলিন্দ কুমাৰৰ দৰে দুৰ্দান্ত বেটছমেন আছে। যুজবেন্দ্ৰ চহল, উমেশ যাদৱৰ দৰে উইকেট টেকাৰ বলাৰ আছে। কিন্তু তাৰ পিছতো দলটোৰ প্ৰদৰ্শন শোচনীয় হোৱাৰ কাৰণ কি, সেয়া চিন্তাৰ বিষয়।

২০১৯ৰ আই পি এল চিজনতো বিৰাট কোহলীৰ নেতৃত্বাধীন এই দলটোৱে একেৰাহে ৩ বাৰকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাত দলটোৰ খেলুৱৈসকলৰ লগতে কেপ্টেইন বিৰাট কোহলীও এতিয়া মানসিকভাৱে ভাগি পৰিছে। আই পি এলৰ প্ৰথম খন খেলতে ধোনীৰ চেন্নাই চুপাৰ কিংগছৰ হাতত শোচনীয় পৰাজয় স্বীকাৰ কৰি ল'বলৈ বাধ্য হৈছিল আৰ চি বিয়ে। তাৰ পিছতে মুম্বাই ইণ্ডিয়ানছ আৰু শেহতীয়াকৈ ছানৰাইজাৰ্ছ হাইদৰাবাদৰ হাতত একেৰাহে পৰাজয় বৰণ কৰে।

দলটোৰ এনে শোচনীয় পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈছে অধিনায়ক বিৰাট কোহলীয়ে। যাৰ পৰিপ্ৰেক্ষিতত অহা ৩০ মে'ৰ পৰা আৰম্ভ হ'ব লগীয়া আই চি চি বিশ্বকাপ, ২০১৯ত ভাৰতীয় দলটোৰ অধিনায়কৰ পৰা অব্যাহতি ল'ব বিচাৰিছে বিৰাটে। তাৰ বিপৰীতে তেওঁ ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰিব বিচাৰিছে মহেন্দ্ৰ সিং ধোনীক।

এছ আৰ এইছ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত আই পি এল খেলত আৰ চি বি পৰাজিত হোৱাৰ পিছতে এই সিদ্ধান্ত লয় কোহলীয়ে। তেওঁ কয়, 'আমি ভাবো ভাৰতীয় দলটোক বিশ্বকাপত নেতৃত্ব দিব পৰাকৈ মই বৰ্তমান সঠিক ব্যক্তি নহয়। ধোনীয়ে দলটোক সুচাৰুৰূপে নেতৃত্ব দিব পাৰিব বুলি মই বিশ্বাস কৰো।'

উল্লেখ্য যে, কেপ্টেইন কুল হিচাপে খ্যাত এম এছ ধোনী বিশ্বৰ তৃতীয়গৰাকী সফল কেপ্টেইন হিচাপে নিজৰ নামত ক্ৰিকেটৰ ইতিহাসত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। ২০০৭ চনৰ পৰা ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰা ধোনীয়ে ভাৰতীয় ক্ৰিকেট দলটোক নেতৃত্ব দি কেইবাখনো টুৰ্ণামেন্টত চমকপ্ৰদ বিজয় উপহাৰ দিবলৈ সক্ষম হয়। ধোনীৰ নেতৃত্বতে ভাৰতীয় দলটোৱে ২০০৭ চনত বিশ্বকাপ টি-২০, ২০১১ চনত এদিনীয় বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়ন ট্ৰফীত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in