‘ধোনীয়ে জোতা পিন্ধাই দিয়াটো লজ্জাজনক’- সাক্ষীক লক্ষ্য কৰি কোনে কৰিলে মন্তব্য? ভাইৰেল ফটো

‘ধোনীয়ে জোতা পিন্ধাই দিয়াটো লজ্জাজনক’- সাক্ষীক লক্ষ্য কৰি কোনে কৰিলে মন্তব্য? ভাইৰেল ফটো

ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় ক্ৰিকেট দল ব্যস্ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত। অষ্ট্ৰেলিয়াত অনুষ্ঠিত টেষ্ট মেচত ব্যস্ত দুয়োটা দলৰ খেলুৱৈসকল। কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ 'কেপ্টেইন কুল' নামে খ্যাত মহেন্দ্ৰ সিং ধোনী ব্যস্ত পৰিয়ালৰ সৈতে। কিছুদিনৰ পূৰ্বে মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীৰ বিবাহ অনুষ্ঠানত পত্নীৰ সৈতে দেখিবলৈ পোৱা গৈছিল ধোনীক।

ইফালে, এম এছ ধোনীৰ পত্নী সাক্ষী ধোনীয়ে ইনষ্টাগ্ৰামত পোষ্ট দিছিল কেইখনমান ফটো। এতিয়া এই ফটো কেইখনক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ফটোখনত ধোনীয়ে সহধৰ্মীনিক জোতা পিন্ধাই দিয়া দেখিবলৈ পোৱা গৈছে। এই ভাইৰেল হৈ পৰা ফটোখন দেখি একাংশই ভাল পাইছিল যদিও, বহুতে আকৌ সাক্ষীৰ এই পোষ্টক লৈ ক্ষোভিত হৈ উঠিছে।

সাক্ষী ধোনীয়ে ফটোকেইখন পোষ্ট কৰি লগতে লিখিছে- 'তুমি এই জোতাযোৰ কিনি আনিছা গতিকে তুমিয়েই পিন্ধাই দিবা।' এই পোষ্টটোৰ পাছতেই ফটোখনৰ 'কমেন্ট ছেকশ্যন'ত যেন মানুহৰ মন্তব্যৰ বৰষুণহে আহিল। দুই-এজনে তেওঁলোকৰ মাজৰ এই ভালপোৱাক লৈ প্ৰশংসা কৰিলে যদিও, সৰহভাগেই উজাৰিলে ক্ষোভ। কমেন্ট ছেকশ্যনত একাংশই লিখিলে- 'আমি ক্ৰিকেট জগতৰ এই তাৰকা জনক বহুত সন্মান কৰো, কিন্তু এই ফটোকেইখনে আমাক নিৰাশ কৰিছে। আপুনি এনেধৰণৰ ফটো পোষ্ট দিব বুলি আশা কৰা নাছিলো। এজন ইমান বিখ্যাত ব্যক্তিৰ এনে কাৰ্য লজ্জাজনক।'

তাৰপিছতেই সাক্ষীয়ে আৰু এখন ফটো পোষ্ট দিলে য'ত ধোনীয়ে সাক্ষীক এডাল ব্ৰেছলেট (হাতত পিন্ধা অলংকাৰ) পিন্ধাই থকা দেখিবলৈ পোৱা গৈছে। পূৰ্বৰ ফটোখনত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰি সাক্ষীয়েও কমেন্ট কৰে- 'পাৰ্টঃ২, তুমি বেণ্ড আনি দিছা, সেয়েহে তুমিয়েই পিন্ধাব লাগিব।' উল্লেখ্য যে, সাক্ষীয়ে এম এছ ধোনীক সদায় সমৰ্থন কৰে। ক্ৰিকেট মেচৰ সময়ত ষ্টেডিয়ামৰ পৰাই সমৰ্থন জনাই যায় স্বামীক। যাতে ধোনীয়ে আৰু অধিক ভাল প্ৰদৰ্শন কৰিব পাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in