খেৰকটা মাতমৰা নৈপৰীয়া পুনৰ সংস্থাপন দাবী সমিতিৰ ৰাজহুৱা সভা…

খেৰকটা মাতমৰা নৈপৰীয়া পুনৰ সংস্থাপন দাবী সমিতিৰ ৰাজহুৱা সভা…

ডিজিটেল সংবাদ,ঢকুৱাখনা: ব্ৰহ্মপুত্ৰৰ বান খহনীয়াৰ কৰাল গ্ৰাসত পৰি ভূমিহাৰা,গৃহহাৰা হোৱা মাতমৰা আৰু খেৰকটা পঞ্চায়তবাসীৰ নাৰ্য প্ৰাপ্য বিচাৰি বিগত ২০০৭ চনৰ পৰাই  অবিৰাম গণ সংগ্ৰাম চলাই আহিছে একাংশই। খেৰকটা মাতমৰা নৈপৰীয়াৰ পুনৰ সংস্থাপন দাবী সমিতিৰ  এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় মংগলবাৰে।  বিগত প্ৰায় ১৪ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰৰ বানত সৰ্বশ্ৰান্ত হোৱা দুই পঞ্চায়তৰ ডেৰ শতাধিক ভুক্তভোগী পৰিয়াল আৰু প্ৰতিনিধিৰ উপস্থিতিত বাহিৰ টেকেলিফুটা গাঁওত  অনুষ্ঠিত হয় সভা খন। 

 বিশিষ্ট নাগৰিক গুঞ্জ লাল দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে কক পেগুৱে। বান খহনীয়া পীড়িত নৈপৰিয়া মাতমৰা খেৰকটা পঞ্চায়তৰ  ৭ শতাধিক দৰিদ্ৰ পৰিয়ালৰ পুনঃসংস্থাপন বিচৰা সংগ্ৰামখনক অধিক গতিশীল কৰি তুলিবলৈ এখন নতুন শক্তিশালী সমিতি গঠন কৰাত গুৰুত্ব আৰোপ কৰে পেগুৱে।  ১৪ খন গাঁওৰ ভুক্তভোগী পৰিয়াল উপস্থিত থকা সভাত নাৰ্য প্ৰাপ্য বিচৰা বিষয়টো বিস্তৃত আলোচনা কৰাৰ আহ্বান জনায়। সভাত পূৰ্ণকান্ত দলে, অমৰজিত দলে, দেবানন্দ দলে, অভিৰাম পেগু, বীৰেন পেগু আদি বিভিন্ন বক্তাই বিগত ১৪ বছৰ ধৰি এই সমিতিখনে ভুক্তভোগী ৰাইজৰ হৈ অব্যাহত ৰখা নিঃস্বাৰ্থ সংগ্ৰামী স্থিতিৰ শলাগ লয়।

 অনাগত সময়ত অধিক সক্ৰিয়তাৰে পুনৰ সংস্থাপণৰ দাবী আগুৱাই নিয়াৰ বাবে এখন নতুন সমিতি গঠনৰ পোষকতা কৰে। লগতে এক মুনাফা লোভী চক্ৰই এই সমিতিখনৰ নামত নিকৃষ্ট ৰাজনীতি কৰি মুষ্টিমেয় গাঁওৰ সদস্যৰে সমান্তৰাল ভাৱে অন্য এখন সমিতি গঠন কৰা কাৰ্যক কটু সমালোচনা কৰে সভাত। উপস্থিত ৰাইজেও খেৰকটা মহাবিদ্যালয়ত নগণ্য সংখ্যক ব্যক্তিৰ উপস্থিতিত যোৱা ২৪ অক্টোবৰত অনুষ্ঠিত এখন সভাত  ভবেশ দলেক সভাপতি আৰু ৰমেন পেগুক সম্পাদক হিচাপে লৈ  গঠন কৰা  সমিতিখন অবৈধ বুলি ঘোষণা কৰিবলৈ দাবী জনায়।

 সভাত উপস্থিত ১৪ খন গাঁওৰ প্ৰতিনিধিৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিত দেবানন্দ দলেক সভাপতি , ৰনোজ পাতিৰক সম্পাদক, ফুল কুমাৰ লাগাচু , লেনিন পেগু, কক পেগু, যতীন পেগুক উপ সভাপতি, অমৰজিৎ দলে, প্ৰসেনজিত পেগু, মনোজ পেগু, ভবেন্দ্ৰ পেগুক সহকাৰী সম্পাদক, বীৰেন পেগু আৰু টিকেন্দ্ৰ দলেক কোষাধ্যক্ষ হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰা হয়।

লগতে নবগঠিত সমিতিখনে ২০০৭ চনৰ পৰা অব্যাহত ৰখা নাৰ্য প্ৰাপ্য বিচৰা গণতান্ত্ৰিক সংগ্ৰামখনক অধিক গতিশীলতা প্ৰদান কৰিব বুলি নিশ্চয়তা প্ৰদান কৰে। সভাত স্বাৰ্থ সিদ্ধিৰ বাবে সুবিধা ভোগী ৰাজনৈতিক চক্ৰই আৰম্ভ কৰা  নীচ প্ৰচেষ্টাক ভৎসনা দি প্ৰস্তাৱ গ্ৰহণ কৰে আৰু দৰিদ্ৰ সৰ্বশ্ৰান্ত ৭৪৬টা পৰিয়ালৰ প্ৰাপ্য আদায়ৰ স্বাৰ্থত শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজহ মন্ত্ৰী যোগেন মহন, শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণক লগ ধৰাৰো সিদ্ধান্তলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in