ঢকুৱাখনাত প্ৰধান মন্ত্ৰী মৎস্য সম্পদা যোজনাৰ উৎপাদন কেন্দ্ৰ নিৰ্মাণৰ শুভাৰম্ভ…

ঢকুৱাখনাত প্ৰধান মন্ত্ৰী মৎস্য সম্পদা যোজনাৰ উৎপাদন কেন্দ্ৰ নিৰ্মাণৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা বিধান সভা সমষ্টিৰ ভিতৰত প্ৰথমটো প্ৰধান মন্ত্ৰী মৎস্য সম্পদা যোজনা-২০২১-২০২২ ৰ  অন্তৰ্গত ক্ষুদ্ৰ "মাছৰ দানা উৎপাদন" কেন্দ্ৰৰ শনিবাৰে  নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। মৎস্য সম্পদৰ উৎপাদনশীলতা বৃদ্ধিৰ লগতে স্ব-নিয়োজনৰ লক্ষ্য আৰু উদ্দেশ্যেৰে ঢকুৱাখনা নগৰৰ খলিহামাৰীত স্থাপন কৰা কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্য প্ৰাপ্ত এই প্ৰকল্পৰ পকী খুঁটাত শিল ,বালি আৰু চিমেণ্টৰ মিশ্ৰণ দি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ঢকুৱাখনা মহকুমা মীন বিষয়া দিগন্ত চেতিয়াই ।

  প্ৰায় ৫০ ফুট দীঘল আৰু ৩০ ফুট বহল এই "মিনি ফিছ ফিড মিল"ৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কার্যসূচীত উপস্থিত থাকি সহযোগিতা আগবঢ়াই ঢকুৱাখনা  উন্নয়ন খণ্ডৰ  মীন প্রদর্শক ঋতম প্ৰতীম দাস , ঘিলামৰা খণ্ডৰ মীন প্ৰদৰ্শক বিশ্বজিত লালুং, উৎপাদন কেন্দ্ৰৰ হিতাধিকাৰী জিতু মণি লাগাচু ,উদ্যমী যুৱক গণেশ  লাগাচু আৰু অন্যান্য শুভাকাংক্ষী ৰাইজ।

আঁচনিখনৰ ৰূপায়ণৰ বাবে হিতাধিকাৰীৰ অংশ হিচাপে  ১২ লাখ টকা আৰু চৰকাৰী  অংশ হিচাপে   ১৮ লাখ টকা  সহ সৰ্বমুঠ ৩০ লাখ টকা ব্যয় কৰা হ'ব বুলি জানিবলৈ দিলে  মীন বিষয়া চেতিয়াই । নিৰ্দিষ্ট সময়ত কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি  যাবতীয় যন্ত্ৰপাতি সংস্থাপনেৰে উন্নত মানৰ মাছৰ খাদ্য উৎপাদন কৰি ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা, ঘিলামৰা ,মাজুলীকে ধৰি সমগ্ৰ এলেকাৰ মীন পালক সকলক সুলভ মূল্যত মাছৰ খাদ্য যোগান ধৰিবলৈ এই কেন্দ্ৰটো সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে মীন বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in