ঢকুৱাখনা আৰক্ষীৰ বাইক সমদল….

ঢকুৱাখনা আৰক্ষীৰ বাইক সমদল….

ডিজিটেল সংবাদ , ঢকুৱাখনা :  স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত  ঢকুৱাখনা সদৰ থানা এলেকাৰ গ্ৰামাঞ্চলত  শান্তি শৃংখলা অব্যাহত ৰাখি সুস্থ সামাজিক পৰিবেশ সৃষ্টিৰ সজাগতা  বৃদ্ধিৰ লক্ষ্যৰে শনিবাৰে এক বিশাল বাইক সমদল উলিওৱা হয় ।  ঢকুৱাখনা  সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় ,উপ পৰিদর্শক সিদ্ধাৰ্থ নাথ , সহকাৰী উপ পৰিদর্শক চাতিৰাম  গয়াৰীৰ নেতৃত্বত আৰু গৰিষ্ঠ সংখ্যক আৰক্ষী জোৱানৰ সহযোগত  থানা চৌহদৰ পৰা উলিওৱা হয় এক বাইক সমদল।

  সদৰ থানাৰ পৰা শুভাৰম্ভ হোৱা বাইক সমদলকাৰী সকলে নগৰৰ বলাই  ঘাটহৈ আমগুৰি হৈ  ডাংধৰা তিনিআলিত ওলাই পুনৰ  বকুলগুৰি চাৰিআলি হৈ  টেকেলীফুটা ঘাট ,মাতমৰাহৈ বিভিন্ন গ্ৰামাঞ্চল পৰিভ্ৰমী  ৰাজহুৱা স্থানত শান্তি শৃংখলা  অব্যাহত ৰাখি সমাগত স্বাধীনতা দিৱস শান্তি শৃংখলা মানি উদযাপন কৰিবলৈ ৰাজহুৱা আহ্বান জনায় পুনৰ সদৰ থানাত উপস্থিত হয় ।
সদৰ থানাত এই সমদল সমাপ্তি কৰি অনাগত সময়তো এনে সজাগতা মূলক বাইক ৰেলীৰে সমগ্ৰ থানা এলেকা পৰিদর্শন কাৰ্যসূচী অব্যাহত ৰাখিব বুলি ভাৰপ্ৰাপ্ত বিষয়া  ৰয়ে জানিবলৈ দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in