ঢকুৱাখনাৰ ওভটা চামপৰাত চন্দ্ৰকান্ত পাঞাং সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা, আলোচনা চক্ৰ

ঢকুৱাখনাৰ ওভটা চামপৰাত চন্দ্ৰকান্ত পাঞাং সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা, আলোচনা চক্ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ 'নিজৰ মাক-দেউতাকেই কেৱল কণ-কণ শিশুৰ অভিভাৱক নহয়। ওচৰ পাজৰৰ প্ৰত্যেকজন প্ৰাপ্তবয়স্ক লোকেই অভিভাৱকৰ দায়িত্ব পালন কৰা উচিত। অভিভাৱক সকল সচেতন হ'লেহে গঢ় লৈ উঠিব শিশুৰ ভৱিষ্যত।' -এই মন্তব্য যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ অধ্যাপক ডা০ পংকজ প্ৰদীপ পাঞাঙৰ।

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ দিনা পুৱাই ঢকুৱাখনা মহকুমাৰ বৰ্ষামুখ অঞ্চলৰ ওভটা চামপৰা ৰংগমঞ্চত বিগত বৰ্ষৰ দৰে এইবছৰো কণ কণ ছাত্র-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা সমাজকৰ্মী চন্দ্ৰকান্ত পাঞাং সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা আৰু আলোচনা চক্ৰৰ উদ্ধোধন কৰি ডা০ পাঞাঙে আৰু কয়, 'যিকোনো উপায়েৰে পৰীক্ষাত ভাল নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা আৰু এটা ভাল চাকৰি যোগাৰ কৰাটোৱেই শিক্ষাৰ্থীৰ একমাত্ৰ লক্ষ্য হ'ব নালাগে। শিক্ষাৰ্থীসকল শৈক্ষিক দিশৰ লগতে সামাজিক দিশতো দায়বদ্ধ হোৱা দৰকাৰ। তেতিয়াহে এখন সমাজ, এটা জাতি, এখন দেশ সু-পথেৰে আগুৱাই যাব।'

ওভতা চামপৰা জ্যোতি কৃষ্টি সংঘ আৰু উজনি ওভতা চামপৰা ভাস্কৰজ্যোতি যুৱক সংঘৰ সহযোগত আৰু ডা০ পংকজ প্ৰদীপ পাঞাঙৰ পৰিয়ালৰ উদ্যোগত আয়োজিত এই চিত্ৰাংকন প্ৰতিযোগিতাখনিৰ আৰম্ভনিতে প্ৰয়াত চন্দ্ৰকান্ত পাঞাং আৰু ৰুদ্ৰনাথ পাঞাঙৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু স্মৃতি তৰ্পণ কৰে শিক্ষক দিগন্ত কুমাৰ প্ৰেমেয়ে। চিত্ৰাংকণ প্ৰতিযোগিতাখনত নিম্ন শাখা আৰু উচ্চ শাখাত ১০০ গৰাকীৰো অধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

দুপৰীয়া ১২ বজাৰ পৰা পাতৃচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল কামানৰ সঞ্চালনাত 'শিক্ষাৰ্থীৰ শৈক্ষিক মূল্যবোধ গঢ় দিয়াত অভিভাৱক সকলৰ দায়িত্ব' শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত আলোচকৰূপে অংশগ্ৰহণ কৰি কবি, লেখক ঘনকান্ত প্ৰেৰ্মে, সাংবাদিক ৰাজীৱ বৰুৱাই অভিভাৱক সকলক তেওঁলোকৰ দায়িত্বৰ প্ৰতি সোঁৱৰাই দি শিক্ষাৰ্থীসকলকো
একোজন সু-নাগৰিক হ'বলৈ যত্ন কৰিবলৈ আহ্বান জনাই বক্তব্য ৰাখে।

অনুষ্ঠানৰ মাজতে কণমানি কৃষ্ণাৰ্জুন পাঞাঙে আবৃত্তি কৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি বিল্পৱী কবিতা। আলোচনাচক্ৰৰ পিছতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এই সভাত অৱসৰপ্ৰাপ্ত শিক্ষক, শিল্পী মানিক পাঞাং, ঢকুৱাখনাৰ সংগীত শিল্পী ৰাজ কুমাৰ গগৈ, বিভূষণ কামান, পাৰুলমণি পাঞাং, সমাজকৰ্মী কাতিৰাম পাঞাং ইত্যাদি কৰি বহুকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰি বক্তৃতা আৰু সংগীত পৰিৱেশন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in