ঢকুৱাখনাত ব্যৱসায়িক ধন দাবী কৰি তিনি যুৱকৰ ৰঙা ঘৰ যাত্ৰা…

ঢকুৱাখনাত ব্যৱসায়িক ধন দাবী কৰি তিনি যুৱকৰ ৰঙা ঘৰ যাত্ৰা…

ডিজিটেল সংবাদ ঢকুৱাখনা: সহজলভ্য ধনৰ আশাত ব্যৱসায়ীৰ আৰ্জিত পুঁজিলৈ লুলোপ দৃষ্টি দি অৱশেষত বছৰৰ শেষত ৰঙা ঘৰ যাত্ৰা কৰিবলগীয়া হ'ল তিনিজন যুৱকে। বিদ্ৰোহী সংগঠন আলফা স্বাধীনক বক্র পথেৰে  অৰ্থোপাৰ্জনৰ ঢাল হিচাবে ব্যৱহাৰ কৰি কাৰাগাৰ যাত্ৰাৰ পথ বাছি লোৱা উদণ্ড যুৱক কেইজন হ'ল তপন শইকীয়া ওৰফে পিংকু (২৪) , জুলিয়ান ৰজক(২০) আৰু ধন চুতীয়া (২৩) । 

ঘটনাৰ বিবৰণি অনুসৰি ঢকুৱাখনা নগৰৰ সূতা ব্যৱসায়ী পংকজ চাহুক যোৱা ২১ ডিচেম্বৰৰ পৰা অজ্ঞাত মোবাইল নম্বৰৰ যোগে ধাৰাবাহিক ভাবে ফোন কৰি বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ হৈ প্ৰায় ১০ লাখ টকা দাবী কৰি ব্যৱসায়ী গৰাকীক ব্যতিব্যস্ত কৰি আহিছিল। দাবী কৰা ধন ৰাশি আদায়ৰ অন্যথাই  ঢকুৱাখনা নগৰৰ বৰুৱা মাৰ্কেটত অৱস্থিত  ব্যৱসায়িক প্ৰতিষ্ঠানখন জ্বলাই দিয়াৰ লগতে মালিক চাহুক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি আহিছিল। 

দাবীকৃত মুঠ ধনৰ ৫ লাখ ব্যৱসায়িক প্ৰতিষ্ঠানখন নিশা বন্ধ কৰাৰ সময়ত দোকানৰ ওপৰত ৰাখি যোৱাৰো সকীয়নী দিছিল অজ্ঞাত ব্যক্তি সকলে।এই সন্দৰ্ভত ব্যৱসায়ী চাহুৱে বুধবাৰে ঢকুৱাখনা সদৰ থানাত গোচৰ ৰুজু কৰি ধন দাবী কৰি যোগাযোগ কৰা নম্বৰ আৰক্ষী দাখিল কৰিছিল। ঢকুৱাখনা সদৰ থানাৰ অচি মণ্টুৰাম বৰাই এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৬ ধাৰাত গোচৰ ( নং-৩২০/২১)  পঞ্জীয়ন কৰি মোবাইল নম্বৰৰ ট্ৰেকিংৰে অপৰাধীৰ অৱস্থিতি ধৰা পেলাই।

ইয়াৰ পাছত  আৰক্ষীৰ পৰামৰ্শ অনুসৰি নিজকে আলফা সংগঠনৰ বুলি দাবী কৰা  ব্যক্তিৰ নিৰ্দেশ মতেই বুধবাৰে নিশা  ব্যৱসায়ী চাহুৱে  ভিতৰত উকা কাগজ আৰু বাহিৰত কিছু  টকা ৰাখি প্ৰস্তুত কৰা বন্দোল দোকানৰ ওপৰত ৰাখি আঁতৰি যায়। কিছু সময়ৰ পাছত  সংগঠনৰ বুলি দাবী কৰি অহা এজন যুৱক তপন শইকীয়াই উক্ত টকা সংগ্ৰহ কৰি লোৱা অৱস্থাতে অসামৰিক পোছাকত থকা আৰক্ষীয়ে যুৱক সকলক টকাৰ সৈতে আটক কৰে আৰু কিছুসময়ৰ পাছতে সহযোগী যুৱক ক্ৰমে জুলিয়ান ৰজকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

দুয়ো ধৃত ভুৱা আলফা ৰূপী যুৱকৰ স্বীকাৰুক্তিৰ ভিত্তিত অন্যজন  সহযোগী যুৱক ধন চুতীয়াক আৰক্ষীয়ে  বৃহস্পতি বাৰে পুৱতি নিশা ২-১০ বজাত ঢকুৱাখনাৰ ভলুকাগুৰি  গাঁওৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সদৰ থানাৰ অচি বৰাই জনোৱা মতে কোনো ধৰণৰ বিদ্ৰোহী সংগঠনৰ সদস্য নহয় ধৃত এই তিনি যুৱক। কেৱল সহজ লভ্য ধন ঘটাৰ চক্ৰান্ত কৰি বাছি লৈছিল সংগঠনৰ নামত ধন সংগ্ৰহৰ  অসৎ পন্থা। ধৃত তিনিওজন যুৱকক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে ধৃত মাষ্টাৰমাইণ্ড তপন শইকীয়া ওৰফে পিংকুৰ ঘৰ বিশ্বনাথ জিলাৰ ডুবিয়াৰ যোৰহতিয়া গাঁওত আৰু জুলিয়ান ৰজকৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাবোৱাত। এই দুই যুৱকে অভিযোগকাৰী ব্যৱসায়ী  পংকজ চাহুৱে বেপাৰ কৰা  একেখন বৰুৱা মাৰ্কেটতে  মাৰ্কেটখনৰ স্বত্বাধিকাৰীৰ দোকানত বিক্ৰী কৰ্মচাৰী হিচাবে দীৰ্ঘদিন ধৰি নিযুক্ত হৈ আছিল।  একেখন মাৰ্কেটতে বেপাৰ চলাই অহা  পৰস্পৰৰ চিনাকি এগৰাকী ব্যৱসায়িক দিয়া ধন দাবী সন্দৰ্ভত এক সুকীয়া চক্ৰৰ চক্ৰান্ত নিৰ্হিত থকাৰো উমান পোৱা গৈছে । কিন্তু ধৃত তিনি যুৱকে অদ্যপি একো মুখ খোলা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in