পত্নীক গড়ৰ সম্ভাব্য আক্ৰণৰ পৰা ৰক্ষা কৰিবলৈ যোৱা সুনীল নিজেই হ’ল গড়ৰ চিকাৰ..

পত্নীক গড়ৰ সম্ভাব্য আক্ৰণৰ পৰা ৰক্ষা কৰিবলৈ যোৱা সুনীল নিজেই হ’ল গড়ৰ চিকাৰ..

ডিজিটেল সংবাদ ঢকুৱাখনা:  পোহৰৰ উৎসৱ দীপাৱলীৰ উৎসৱমুখীতাৰ মাজতে শুক্ৰবাৰৰ পুৱা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় ঢকুৱাখনাত । ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পূব ঢকুৱাখনা পঞ্চায়তৰ অভয়পুৰ মাজ গাঁওত এটা হিংস্ৰ গড়ৰ নিৰ্মম আক্ৰমণত এগৰাকী কৃষকৰ ঘটনা স্থলীতে অকাল বিয়োগ ঘটে। জানিব পৰা মতে পুৱ ঢকুৱাখনা অঞ্চলৰ অন্তৰ্গত অভয়াপুৰ গাওঁৰ নিবাসী মুহিৰাম দলেৰ পুত্ৰ সুনীল দলে(৪৫)য়ে সমীপৱৰ্তী গাঁৱত গঁড়ৰ গতিবিধি জানিব পাৰি শুক্ৰবাৰে পুৱা ৭-৩০ বজাত পথাৰত খেতি কৰিবলৈ যোৱা  পত্নীক  নিৰাপদে আনিবলৈ বুলি পথাৰলৈ গৈছিল।

কৃষিজীবি ব্যক্তিজন পথাৰলৈ যোৱাৰ পথতে অকস্মাত হাবিৰ পৰা হিংস্ৰ গড়তো ওলাই আক্ৰমণ কৰে সংগীবিহীন অবস্থাত থকা সুনীল দলেক। গঁড়টোৰ আকস্মিক আক্ৰমণৰ ফলত চহা ব্যক্তিজনৰ থিতাতে নিহত হয় । পাছত বহু পলমকৈ স্থানীয় ৰাইজে সংঘবদ্ধহৈ গৈ চহা ব্যক্তিজনৰ নিথৰ দেহ উদ্ধাৰ কৰি ঘৰলৈ আনে। নিহত ব্যক্তিজনক ঢকুৱাখনা আৰক্ষীয়ে চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

কৃষি কৰ্মেৰে পৰিয়াল পোহপাল দি জীৱন কটোৱা নিঃস্ব ব্যক্তিজনৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।  চহাজনৰ বিয়োগত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে। মিচিং জাতীয় সংগঠনে  অঞ্চলটোৰ ঘন হাবিৰ মাজত অধিক গঁড় সোমাই থকাৰ আশংকা কৰি বন বিভাগৰ নিছিদ্ৰ অভিযান চলোৱাৰ দাবী জনায় ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে। পত্নী দুটি সন্তানৰ পিতৃ দলেৰ এনে অস্বাভাৱিক মৃত্যুৰ  উপযুক্ত ক্ষতিপূৰণ দিয়াৰ  দাবী উত্থাপন কৰিছে জনগোষ্ঠীৰটোৰ জাতীয় সংগঠন সমূহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in