ভোগালী বিহুত ভাটি হুজ গাঁওবাসীৰ চুলাই বেপাৰীক উচ্ছেদৰ সংকল্প…

ভোগালী বিহুত ভাটি হুজ গাঁওবাসীৰ চুলাই বেপাৰীক উচ্ছেদৰ সংকল্প…

ডিজিটেল সংবাদ ঢকুৱাখনা: সাম্প্ৰতিক সমাজ আৰু সময়ৰ অভিশাপ স্বৰূপ চুলাই মদৰ অবৈধ বেহা উচ্ছেদ কৰি এনে সামাজিক সমস্যাৰ মূল নায়ক স্বৰূপ চুলাই বেপাৰীক এসেকা দিয়াৰ এক সমাজ হিতৈষী সিদ্ধান্ত গ্ৰহণ কৰিলে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ভাটি হুজ গাঁওৰ গঞাই।  ভোগৰ উৎসৱ ভোগালীৰ ধামখুমীয়াৰ মাজতে  শনিবাৰে  ঢকুৱাখনা নগৰৰ ভাটি হুজ গাঁওৰ ৰাইজে হৰিমন্দিৰত সমবেত হৈ গুৰু আসনত ঢোপ চাকি জ্বলাই  কোনো কাৰণতে এনে সামাজিক সমস্যা স্বৰূপ অবৈধ চুলাই বেহা গাঁওখনত অব্যাহত ৰখাত সংঘবদ্ধ ভাবে বাধা দিয়াৰ  ৰাজহুৱা সংকল্প গ্ৰহণ কৰে ।

শনিবাৰে গঞাই  হৰিমন্দিৰ প্ৰাংগণত সমবেত হৈ গাঁওখনৰ অদ্যপি চিনাক্ত হোৱা মুঠ ৮ গৰাকী  চুলাই বেপাৰী ক্ৰমে মাণিক দাস, নিৰদা দাস , ৰুদ্ৰ দাস , মিনু দাস , মুনিয়া দাস, জয়ন্ত দাস ,পিলী দাস আৰু দিব্য দাসৰ ঘৰত দৈনিক চুলাই বেহা চলাই গাঁওখনৰ সুস্থ শৈক্ষিক, সামাজিক পৰিবেশ বিঘ্নিত কৰাই নহয় দৈনিক অশ্ৰাব্য, অশ্লীল গালি গালাজ কৰি একাংশ সুৰাপায়ীয়ে উশৃংখখল পৰিবেশৰ সূত্ৰপাত ঘটাই আহিছে  বুলি প্ৰামানিক অভিযোগ উত্থাপন কৰে । 

এই  ধুৰন্ধৰ চুলাই বেপাৰীসকলৰ অসামাজিক কাৰ্যকলাপৰ বাবেই ভাটি হুজ গাঁৱৰ  ৰাইজক অন্য গাঁৱৰ ৰাইজে বিগত ২মাহ ধৰি সামাজিকভাৱে বৰ্জন কৰি ৰখা বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰি এই অবৈধ বেহা উৎখাত কৰাৰ বাবে প্ৰশাসনক ৰাজহুৱা অভিযোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি  গাঁওখনৰ শতাধিক বৃদ্ধ-বৃদ্ধা ,পুৰুষ মহিলা , যুৱক যুৱতীয়ে  হৰিমন্দিৰৰ পৰা প্ৰতিবাদী সমদল কৰি উপস্থিত হয় ঢকুৱাখনা সদৰ থানাৰ সন্মুখত।

ভাটি হুজ গাঁৱত অবৈধ চুলাই বেহা নছলিব , আমাক শান্তি লাগে , চুলাই বেপাৰীৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হওক ,  ভাটি হুজ গাঁৱৰ অবৈধ চুলাই ভাতী উচ্ছেদ কৰক ,  চুলাই বেপাৰী নিপাত যাওক আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি থানাৰ সন্মুখত উপস্থিত হৈ  উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰি আৰক্ষীৰ কঠোৰস্থিতি দাবী জনায় । ৰাইজে সদৰ থানাৰ প্ৰভাৰী মণ্টু ৰাম বৰাক এখন দাবী পত্ৰ প্ৰদান কৰি  গাঁওখনৰ পৰা এই  বৰবিহ স্বৰূপ ভাতীসমূহ  উচ্ছেদ কৰাৰ দাবী জনায়  । অন্যথা ৰাইজে সংঘবদ্ধ ভাৱে এনেবোৰ চুলাই বেপাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নী দিয়ে। ঢকুৱাখনা আৰক্ষীয়ে শীঘ্ৰে এই সন্দৰ্ভত যাবতীয় কাৰ্য ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত ৰাইজ আশ্বস্ত হৈ উভতি যায় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in