৬০০ টকা দিয়ক আৰু বিনামূলীয়া উজ্জ্বলা আঁচিনৰ সুবিধা লওক…

৬০০ টকা দিয়ক আৰু বিনামূলীয়া উজ্জ্বলা আঁচিনৰ সুবিধা লওক…

ডিজিটেল সংবাদ ঢকুৱাখনা:  দৰিদ্ৰ সীমাৰেখাৰ তলৰ উপাৰ্জনহীন পৰিয়ালৰ গৃহিনীসকলক উপকৃত কৰাৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা উজ্বলা-২ আঁচনিখন এচাম অৰ্থলোভী, সুবিধাভোগী ইণ্ডেন বিতৰকৰ বাবে অবৈধ ধন ঘটাৰ সম্বল স্বৰূপ হৈ পৰিছে। দৰিদ্ৰ নিৰক্ষৰ গঞা হিতাধিকাৰীক আভুৱা ভাৰি কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ভাবে সম্পূৰ্ণকৈ যোগান ধৰা ৰন্ধন গেছৰ সংযোগ বিশিষ্ট "উজ্বলা-২" আঁচনিৰ নামত অবৈধ আৰু বলপূৰ্বক ভাবে ধন সংগ্ৰহ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ঢকুৱাখনা মহকুমাৰ মৰনৈ বেবেজিয়া অঞ্চলত।

ভুক্তভোগী হিতাধিকাৰী ৰাইজে অভিযোগ কৰা মতে সোমবাৰে বৃহত্তৰ মৰনৈ অঞ্চলটোৰ ২০০ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে "উজ্বলা-০২" আঁচনি বিতৰণৰ বাবে মৰনৈ বেবেজিয়া অঞ্চলত অৱস্থিত মেচাৰ্ছ আলিমুৰ ইণ্ডেন গ্ৰামীণ বিতৰক গোষ্ঠীয়ে নিমন্ত্ৰণ কৰিছিল। সেই অনুসৰি হিতাধিকাৰী সকলে নিৰ্দিষ্ট সময়ত প্ৰতিষ্ঠান চৌহদত উপস্থিত হৈ  নামভৰ্তি কৰিছিল যাবতীয় নথিপত্ৰ সহ । কিন্তু হিতাধিকাৰী সকলে ইণ্ডেন গ্ৰামীণ বিতৰক চৌহদলৈ অহাৰ পাছতে  বিতৰক কৰ্তৃপক্ষই প্রতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ পৰা নূন্যতম ৬০০টকাকৈ সংগ্ৰহ কৰি এই ধন আদায় দিলেহে আঁচনি প্ৰদান কৰিব বুলি সকীয়াই দিয়ে।

বিতৰক কৰ্তৃপক্ষৰ এনে অবৈধ অৰ্থ সংগ্ৰহ প্ৰক্ৰিয়াত বিতত হৈ বিতৰক প্ৰতিষ্ঠানক দিবলৈ এনে পুঁজি নথকা বুলি জনাই দিয়ে। তৎস্বত্তেও বিতৰক কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰি এই নির্ধাৰিত পুঁজি আদায় দিয়াটো বাধ্যতামূলক বুলি নিৰ্দিষ্ট হিতাধিকাৰীক সকীয়াই দিয়াত হিতাধিকাৰীসকল আৰু উপস্থিত আত্মীয় সকলৰ ধৈৰ্যৰ সীমা অতিক্রম কৰে।  কেন্দ্ৰীয় চৰকাৰে এটা গেছ স্তভ , এটা গেছ ভৰ্তি ছিলিণ্ডাৰ , এডাল পাইপ , এটা ৰেগুলেটৰ আৰু উপভোক্তা কাৰ্ড সহ সকলো সামগ্ৰী বিনামূলীয়াভাবে যোগান ধৰাৰ স্পষ্ট নিৰ্দেশ দিয়াৰ পাছতো কি যুক্তিত এনেদৰে অৰ্থ সংগ্ৰহ কৰিছে তাৰ প্ৰত্যুত্তৰ দিয়াৰ দাবী জনায় প্ৰতিষ্ঠানটোৰ চৌহদ উত্তাল কৰি তোলে।

সুদীৰ্ঘ সময় ধৰি ক্ষুব্ধ হিতাধিকাৰী, সচেতন ৰাইজ আৰু আত্মীয়ই বিতৰক কৰ্তৃপক্ষই চলোৱা অবৈধ ধন সংগ্ৰহ অভিযানৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ জনাই পৰিস্থিতি উত্তাল কৰি তোলে। একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে  জনোৱা মতে কৰ্তৃপক্ষই প্ৰথমে ১০ গৰাকী  মহিলাক কাৰ্যালয়ৰ ভিতৰলৈ মাতিনি কৰা আলোচনা কালত  প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতি সংযোগৰ বাবদ ৬০০ টকাকৈ দিয়াৰ নিৰ্দেশ দিয়ে। নিৰক্ষৰ গঞা মহিলা সকলক আভুৱা ভাৰি সৈমান কৰাই আঁচনি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰোতেই বাহিৰত অপেক্ষা কৰা ডেৰ শতাধিক হিতাধিকাৰীয়ে এনে সিদ্ধান্ত মানি নোলোৱাৰ সকীয়নী দি কৰ্তৃপক্ষক অৱগত কৰে।

পাছত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ নিৰ্লজ অভিযান চলোৱা কৰ্তৃপক্ষৰ হঠকাৰী কাণ্ডৰ সবল প্ৰতিবাদ সাব্যস্ত কৰে হিতাধিকাৰী, ৰাইজ সকলোৱে। ইয়াৰ পাছত  বিতৰক কৰ্তৃপক্ষই বাধ্য হৈ ৩০০ টকা সংগ্ৰহ কৰি ইয়াৰ বিপৰীতে দুখন কটাৰী আৰু এটা লাইটাৰ লোৱাটো বাধ্যতামূলক কৰি দিয়ে। চৰকাৰী ভাবে এই দুই সামগ্ৰী লোৱাটো বাধ্যতামূলক নহয় যদিও দৰিদ্ৰ হিতাধিকাৰী সকলৰ সঞ্চিত পুঁজিলৈ লুলোপ দৃষ্টি দি এই বেহা মেলে কৰ্তৃপক্ষই। তাৰোপৰি এই সামগ্ৰীৰ বাবে ২২৫ টকাৰ ৰচিদ দিছে যদিও কৰ্তৃপক্ষই অন্য ৭৫ টকাৰ কোনো লিখিত ৰচিদ হিতাধিকাৰী সকলক নিদি অন্য এক দুৰ্নীতি সংঘটিত কৰিছে বুলি হিতাধিকাৰী সকলে অভিযোগ কৰি নগদ ৩০০ টকা আদায়  দিহে আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা বুলি স্পষ্টভাৱে জনালে সংবাদ মাধ্যমক। 

এই সম্পৰ্কত কৰ্তৃপক্ষই এই প্ৰক্ৰিয়াটোৰ  সতে জড়িত বিতৰকৰ কৰ্মচাৰী সকলক প্ৰদানৰ বাবে এই ধন সংগ্ৰহ কৰা বুলি নিৰ্লজ ভাবে জনাইছে । বিতৰকটোত নিয়োজিত কৰ্মচাৰী সকলক মাননি আদায়ৰ নামটো  চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰি চৰম স্বেচ্ছাচাৰীতাৰ পৰিচয় দিয়া এই  অৰ্থলোভী প্ৰতিষ্ঠানটোৰ এনে অবৈধ লুণ্ঠনৰাজ দেখি শুনিও নিচ্ছুপ ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগ , মহকুমা প্ৰশাসন।ভুক্তভোগী হিতাধিকাৰীৰ দাবী ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগে তদন্ত কৰি অবৈধ ধন সংগ্ৰহৰ বেপাৰ মেলা কৰ্তৃপক্ষৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in