কোৰোনাৰ সমান্তৰালকৈ প্ৰকৃতিৰ কেঁকুৰা চেঁপাত সৰ্বশ্ৰান্ত ঢকুৱাখনাৰ কৃষক…

কোৰোনাৰ সমান্তৰালকৈ প্ৰকৃতিৰ কেঁকুৰা চেঁপাত সৰ্বশ্ৰান্ত ঢকুৱাখনাৰ কৃষক…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ভয়াবহ কোৰোনা কেন্দ্ৰীক অৰ্থনৈতিক দুৰৱস্থাৰ সমান্তৰাল ভাৱে প্ৰকৃতিৰ তাণ্ডৱত হাঁহাকাৰ অৱস্থা ঢকুৱাখনা মহকুমাৰ শ্ৰমজীৱী চহাৰ। গাঁঠিৰ ধন ভাঙি , কঁপালৰ ঘাম মাটিত পেলাই বিশাল কৃষিভূমিত কৃষি বিপ্লৱৰ সূচনা কৰা মহকুমাটোৰ উপান্ত কৃষকৰ সন্মুখত এতিয়া অন্ধকাৰাচন্ন ভৱিষ্যত। মিনি লক ডাউন সদৃশ সাম্প্ৰতিক সময়ত কষ্টোপাৰ্জিত ফচলৰ ক্ৰয় বিক্ৰয় ব্যৱস্থা সম্পূৰ্ণভাৱে স্তব্ধ হোৱাৰ সময়তে মহকুমাটোৰ খেৰকটা পঞ্চায়তৰ শতাধিক চহা পৰিয়াললৈ নামি আহিছে ভয়াবহ অমানিশা।

পঞ্চায়তখনৰ চহা শ্রমজীৱী ৰাইজে পৰম্পৰাগত ভাৱে বিশাল কৃষি ভূমিত কৰা আহু ধানৰ খেতি সমূলঞ্চএ উছন যোৱা প্ৰত্যক্ষ কৰি এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিছে চহা পৰিয়াল সমূহে । দেওবাৰে পঞ্চায়তখনৰ চহা ৰাইজে ২ নং আলিমুৰ বচামুখ মিলিজান পথাৰ , লৃগৎ বচা গাঁও পথাৰ , লৃগৎ বিলৰ সিপাৰ পথাৰ , লৃগৎ বিল চাপৰি, নেপালী বস্তি পথাৰ , মাজ টেকেলিফুটা পথাৰ , খেৰকটা হাইস্কুল সমীপৰ পথাৰত উপস্থিত হৈ সংবাদমাধ্যমক প্ৰকৃতিৰ ৰূঢ় তাণ্ডৱৰ দৃষ্টান্ত অৱগত কৰে।

বকুলগুৰি অঞ্চলৰ অৰ্ধ শতাধিক কৃষক পৰিয়ালৰ অন্ন বস্ত্ৰ বাসস্থানৰ প্ৰধান সম্বল স্বৰূপ বিশাল কৃষি কৰ্মভূমিত যোৱা প্ৰায় এক পষেকৰ পৰা আকস্মিক ভাবে আহু ধানৰ খেতি শুকাই নিঃশেষ হৈ যোৱাৰ সমান্তৰাল ভাৱে পথাৰত চিৰাল ফাঁট দিয়া চিন্তনীয় অৱস্থাৰ বিৱৰণ দাঙি ধৰে। কোনো ধৰণৰ চৰকাৰী জলসিঞ্চন আঁচনিয়ে স্পর্শ নকৰা পঞ্চায়তখনৰ বিস্তৰ কৃষি ভূমিৰ বিধ্বস্ত অৱস্থা প্ৰত্যক্ষ কৰি চহা পৰিয়াল সমূহে জনোৱামতে যোৱা ২৮ এপ্ৰিল'ৰ ভূমিকম্পৰ পাছৰে পৰা লক্ষণীয় ভাবে বৃহত্তৰ পঞ্চায়তখনৰ বিস্তীৰ্ণ এলেকাৰ আহু ধানৰ খেতি অবৰ্ণনীয় ভাবে শুকাই-মৰি নিঃশেষ হৈ যোৱা আৰম্ভ হল।

বিগত এটা সপ্তাহত জুৰি এই আহু খেতি শুকাই জ্বলি নিঃশেষ হোৱা মৰ্মান্তিক পৰ্ব অব্যাহত থকা বুলি অতি দুখেৰে জানিবলৈ দি চহা পৰিয়াল সমূহে প্ৰতি বিঘা কৃষি ভূমিত সঞ্চিত হাজাৰ বিজাৰ টকা ব্যয় কৰি আৰম্ভ কৰা আহু খেতিৰ মুৰকত দেখা এনে হৃদয় বিদাৰক দৃশ্যই অনাগত দিনবোৰত অনিশ্চিত আৰু অন্ধকাৰাচন্ন ভৱিষ্যতৰে ইংগিত দিয়া বুলি ব্যক্ত কৰিলে। প্ৰকৃতি নিৰ্ভৰ চহাৰ পৰিয়াল সমূহৰ এনে চৰম বিপৰ্যয়ৰ বিপৰীতে ঢকুৱাখনা মহকুমা কৃষি বিভাগ কিম্বা সংশ্লিষ্ট কৃষি বিষয়া- কৰ্মচাৰীৰ কুম্ভকৰ্ণ নিদ্ৰা ভগা পৰিলক্ষিত নহল।

দেখা নগল মহকুমা কৃষি বিভাগৰ এগৰাকীও বিষয়া বিধস্ত এলেকাত উপস্থিত হৈ দুৰ্ভগীয়া কৃষক সকলক এষাৰ পৰামৰ্শ প্ৰদানৰ বাবে উপস্থিত হোৱাৰ । সৰ্বশ্ৰান্ত, সৰ্বহাৰা কৃষকৰ অন্তিম আবেদন কৃষি বিভাগে প্ৰকৃতি প্ৰদত্ত এনে অবৰ্ণনীয় অভিশাপৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে জিলা কৃষি বিভাগে বিকল্প কৃষি কৰ্মৰ সময়োপযোগী পৰামৰ্শ আগবঢ়াওক । অন্যথাই গঞা চহা কৃষিজীৱী শতাধিক পৰিয়াললৈ যে অনাগত দিনবোৰত ভয়াবহ অমানিশা নামি আহিব সেয়া ধুৰূপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in