ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা…

ঢকুৱাখনাত  প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  এগৰাকী দুৰন্ত সাংস্কৃতিক কৰ্মী , জনদায়বদ্ধ  সংবাদসেৱী আৰু নিজস্ব  কাব্যিক  সৃষ্টিশীলতাৰে  শত সহস্ৰজনক  আহ্লাদিত কৰি  আদবয়সতে অনন্ত ধামলৈ গতি কৰা  গোগামুখৰ  সম্ভাৱনাময় প্ৰতিভাধৰ অনিৰ্বাণ  বৰগোঁহাইৰ  বৃহস্পতি বাৰে  আদ্যশ্ৰাদ্ধৰ দিনা  সশ্ৰদ্ধ স্মৰণ কৰা হয় ঢকুৱাখনাত। 

সংগীত ,নাট্য , অভিনয় , পৰিচালনা  সর্বদিশত  অফুৰন্ত ব্যুৎপতি প্ৰদৰ্শন কৰি যোৱা  সুকুমাৰ কলাৰ সাধক  বৰগোঁহাইৰ  পবিত্ৰ  আদ্যশ্ৰাদ্ধৰ দিনা  ঢকুৱাখনা মহকুমাৰ অগ্ৰণী নাট্য সংগঠন "ঢকুৱাখনা এক্টিং একাডেমী"  আৰু  "ৰংগভূমি"ৰ  যৌথ উদ্যোগত  "ৰংগভূমি "ৰ স্থায়ী বাকৰি প্ৰাংগণত সন্ধিয়া ৬ বজাত এক স্মৃতিচাৰণ  সভা অনুষ্ঠিত কৰা হয়।  এক্টিং একাডেমীৰ অধ্যক্ষ তথা  সাংস্কৃতিক কৰ্মী গৌৰৱ বৰুৱা আৰু "ৰংগভূমি"ৰ অধ্যক্ষ কৌস্তভ কিশোৰ চুতীয়াৰ পৃষ্ঠপোষকতাত সন্ধিয়া আৰম্ভ হোৱা স্মৃতিচাৰণ সভাত প্ৰয়াত নাট্য সাধক বৰগোঁহাইলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। 

স্মৃতিচাৰণ সভাৰ প্ৰাৰম্ভতে প্ৰয়াত  বৰগোঁহাইৰ প্ৰতিচ্ছবিত  ধূপ-বন্তি  প্ৰজ্বলন কৰি  পুষ্প মাল্যা প্ৰদান কৰে বাল্য বন্ধু তথা সহপাঠী দীপেন শইকীয়া আৰু সংবাদসেৱী অমৃত পৱন বৰাই।   নাট্যকর্মী তথা এক্টিং একাডেমীৰ  অধ্যক্ষ গৌৰৱ বৰুৱাই আঁত ধৰা আৰু  বৰগোঁহাইৰ  সামাজিক সাংস্কৃতিক, সংবাদ সেৱা, নদী বান্ধ বিৰোধী আন্দোলন আদি  ক্ষেত্ৰৰ দায়বদ্ধশীল কৰ্মজীৱনৰ ওপৰত চমু অবলোকণ কৰা অনুষ্ঠানত ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক নাট্য ও সাংস্কৃতিক কৰ্মীৰ উপস্থিত থাকে। 

স্মৃতিচাৰণ অনুষ্ঠানত  বৰগোঁহাইৰ সান্নিধ্যপূৰ্ণ অভিজ্ঞতাৰ সন্দৰ্ভত চমু অবলোকণ কৰে  প্ৰয়াত বৰগোঁহাইৰ সহপাঠী ,বন্ধু দীপেন শইকীয়া ,, জন দায়বদ্ধশীল  সাংবাদিকতা  আৰু বৃহৎ নদী বান্ধ বিৰোধী স্থিতিৰ সন্দৰ্ভত অমৃত পৱন বৰাই, , নাট্য চৰ্চা ক্ষেত্ৰখনৰ সন্দৰ্ভত কৌস্তভ  কিশোৰ চুতীয়া,  নাট্য কৰ্মী ভবেন তামুলী  আদিয়ে চমু বক্তব্য ৰাখে  । কাব্য সাহিত্য , সংগীত অভিনয় শিল্প সকলোৰে সমান্তৰাল ভাৱে সংবাদসেৱী হিচাবেও কম সময়ৰ ভিতৰত  নিষ্ঠাবান অৱদান আগবঢ়াই যোৱা বৰগোঁহাইৰ  জীৱন আৰু সৃষ্টিশীলতাৰ সশ্ৰদ্ধ ৰোমন্থন কৰা সভাত  উদীয়মান যুৱ শিল্পী  লক্ষ্য জ্যোতি বৰুৱাই  এটি  বিষাদ ভৰা গীতেৰে অন্তিম  শ্রদ্ধাঞ্জলি জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in