কোভিড যোদ্ধাক ৰেডক্ৰছ চচাইটিৰ মাস্ক-চাবোন বিতৰণ

কোভিড যোদ্ধাক ৰেডক্ৰছ চচাইটিৰ মাস্ক-চাবোন বিতৰণ

কোভিড যোদ্ধাক ৰেডক্ৰছ চচাইটিৰ মাস্ক,চাবোন বিতৰণ

ডিজিটেল,সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাত ক্ৰমাগত ভাৱে বৃদ্ধি পাই অহা কোভিডৰ সংক্ৰমণকলৈ চিন্তিত সমগ্ৰ মহকুমাবাসী। এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মহকুমাটোৰ ৫ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত জনসজাগতাৰ সৃষ্টিৰ অবিৰাম প্ৰয়াস অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগৰ লগতে ঢকুৱাখনা শাখা ৰেচক্ৰছ চ'চাইটিয়ে। মহকুমাটোৰ বিভিন্ন গ্ৰামাঞ্চলত কোভিড সংক্ৰমণ ৰোধৰ বাবে ৰাইজক সজাগ সচেতন কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ঢকুৱাখনা এই চচাইটিটোৱে। তাৰেই অংশ হিচাপে শুকুৰবাৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত আগশাৰীৰ কোভিড যোদ্ধা সকলক মাস্ক , চাবোন আদি সামগ্ৰী বিনামূলীয়া ভাৱে যোগান ধৰাৰ লগতে চিকিৎসালয়লৈ আগমন হোৱা লোকৰ মাজত স্বাস্থ্য সজাগতামূলক পৰামৰ্শ আগবঢ়াই সংস্থাটোৱে।

ঢকুৱাখনা মহকুমাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসক,স্বাস্থ্য কৰ্মী সকলক এনে সামগ্ৰী বিতৰণ কৰি কোভিড প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে আগবঢ়াই অহা সেৱাৰ শলাগ লোৱা পৰিলক্ষিত হয় । চ'চাইটিৰ ঢকুৱাখনা শাখাৰ চেয়াৰমেন চেনিৰাম বৰুৱা , উপ-সভাপতি পূৰ্ণানন্দ গগৈ, সম্পাদক কুমুদ শৰ্মাৰ নেতৃত্বত বিষয়ববীয়া সকলে দিন মজুৰি কৰি পেট প্ৰৱৰ্তন কৰা ঢকুৱাখনাৰ ডেৰ শতাধিক শ্ৰমিক, ঠেলাৱালা, ৰিক্সাৱালাৰ মাজত আৰু ঘিলামৰাৰ অৰ্ধ শতাধিকৰ মাজত এনে সামগ্ৰী বিতৰণ কৰে। বাৰ্ধক্যকো উপেক্ষা কৰি এই সকল তিনি কুৰি বছৰ বয়স অতিক্রমা ব্যক্তিৰ অতিমাৰীৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিৰ প্ৰশংসনীয় প্ৰয়াসে বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in