যিকোনো মুহূৰ্ততে বিচ্ছিন্ন হ’ব ঢকুৱাখনা – মাজুলী !

যিকোনো মুহূৰ্ততে বিচ্ছিন্ন হ’ব ঢকুৱাখনা – মাজুলী !

ডিজিটেল সংবাদ ঢকুৱাখনা :  মুষলধাৰ বৃষ্টিপাত আৰু গাই, জীয়াঢল নদীৰ  শিহৰণকাৰী বানৰ গ্ৰাসত পৰাৰ দিশে গতি কৰিছে ঢকুৱাখনা মহকুমা। গাই আৰু জীয়াঢল নদীৰ বানৰ ধলে অচিৰেই ঢকুৱাখনা মহকুমা বিচ্ছিন্ন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

নদী দুখনৰ ক্ৰমবৰ্ধিত  বানৰ ধলে শুকুৰবাৰে গোগামুখ ঘিলামৰা আৰু  ঢকুৱাখনা হৈ  মাজুলী  সংযোগী ৰাজ্যিক ঘাইপথটো  বুৰাই পেলাইছে । ৰাজ্যিক ঘাই পথটোৰ ওপৰত ১ ফুট পানী উঠিছে ।  ঢকুৱাখনা মহকুমা  আৰু মাজুলী সংযোগী একমাত্ৰ  ঘাই পথটোৰ চামপৰা দলংৰ সমীপৰ বিস্তীৰ্ণ অংশ শুকুৰবাৰে দুপৰীয়া বানত ডুব গৈছে।

তাৰোপৰি গাই আৰু জীয়াঢলৰ বানে মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত  অৰ্ধশতাধিক গাঁও বুৰাই পেলাইছে। পৰিণতিত বানাক্ৰান্ত গঞাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূত্ৰপাত হৈছে । লোকনিৰ্মাণ বিভাগে যাতায়ত যাতে বিঘ্নিত নহয় তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা কনক বড়োৱে"অসমীয়া প্ৰতিদিন ডিজিটেল"ক জানিবলৈ  দিলে।  জলমগ্ন পথাংশত সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা উপস্থিত হৈ পৰিস্থিতি পৰ্যবেশন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in