ঢকুৱাখনাত পৰম্পৰাগত হালধি সনা উৎসৱ পালন

ঢকুৱাখনাত পৰম্পৰাগত হালধি সনা উৎসৱ পালন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ আজি পহিলা ব'হাগ। ৰাজ্যৰ ইমূৰৰ পৰা এতিয়া ৰঙালীৰ উচাহ। সকলো ব্যস্ত বিহু মৰা তথা হুঁচৰি গোৱাত। আজি যিহেতু মানুহ বিহু, তাৰ বাবে পুৱাই গা ধুই কনিষ্ঠ জনে জ্যেষ্ঠ জনৰ পৰা আশীৰ্বাদ লৈ বছৰতো যাতে ভালে কুশলে যাই তাৰ কামনা কৰিছে।

ইফালে ৰঙালী বিহুৰ লগত সংগতি ৰাখি অসমৰ চুকে কোনে কিছুমান বিশেষ পৰম্পৰাগত অনুষ্ঠান চলি আহিছে। কিছু কিছু স্থানত যিদৰে বোকাৰ বিহুৰ আয়োজন কৰা হয় ঠিক তেনেদৰে ঢকুৱাখনাত আজি মানুহ বিহুৰ দিনটোতে পালন কৰা হয় হালধি সনা উৎসৱ। ঢকুৱাখনাৰ আখৈফুটীয়া গাঁৱত শ শ বছৰ ধৰি এই পৰম্পৰা অক্ষুন্ন আছে।

জনবিশ্বাস আৰু পৰম্পৰাগতভাৱে এই হালধি সনা উৎসৱ শতক বছৰৰো আগৰ পৰা এনেধৰণে পালন কৰে অঞ্চলবাসীয়ে। বিশেষকৈ অঞ্চলটোৰ কিশোৰী, গাভৰু, বোৱাৰী সকলোৱে সমিলমিলেৰে ইগৰাকীয়ে সিগৰাকীয়ে আনন্দ উল্লাহৰ মাজত গাত হালধি সানে। আজি পুৱাই অঞ্চলতোৰ শ শ মহিলা মহেমাৰি দৌলৰ চোতালত সমবেত হৈ দৌলত সেৱা জনাই এই হালধি সনা পৰ্ব আৰম্ভ কৰে।

তাৰ লগতে বহু যুৱকে ঢোল, তাল লৈ বিহু নামো গোৱাত সকলোৱে লগে ভাগে বিহুৰ আনন্দ লয়। যিহেতু হালধি সানিলে ঘামচি, চালৰ ৰোগ, বিভিন্ন ধৰণৰ ৰোগ আৰু চালৰ উজ্জ্বলতা বৃদ্ধি পায় তাৰ ওপৰত ভিত্তি কৰিয়েই ঢকুৱাখনাৰ এই অঞ্চলটোত এই প্ৰথা প্ৰচলিত হৈ আছে বুলি বিভিন্নজনে অৱগত কৰে।

ইফালে ঢকুৱাখনাৰ তুলসীজান অঞ্চলত আজি পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা বোকা খেল আয়োজন কৰা হয়। মানুহৰ বিহুৰ দিনাই তুলসীজানৰ যুৱক, যুৱতী, বোৱাৰী আৰু বুঢ়া-মেথা সকলোৱে পৰম্পৰা ৰক্ষা কৰি বিগত বছৰবোৰৰ দৰে এইবাৰো অতি উলহ মালহেৰে বোকা খেল খেলে পুৱাৰ পৰা। প্ৰত্যেকেই বোকাৰে লুটুৰি পুতুৰি হৈ ইজনে সিজনক বোকা সানি উল্লাহ কৰে এই দিনটোত। সমন্বয় আৰু মিলনৰ খেলৰূপে পৰিচিত এই বোকা খেলে অঞ্চলবাসীৰ মাজত দীৰ্ঘ দিনৰ পৰা সমন্বয়ৰ বাৰ্তা বোৱাই আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in