‘ফাটবিহু বিশ্ব ঐতিহ্য সমন্বয়ৰ প্ৰতীক’ : ফাটবিহুৰ মুখপত্ৰ”বিহুৱান”উন্মোচন…

‘ফাটবিহু বিশ্ব ঐতিহ্য সমন্বয়ৰ প্ৰতীক’ : ফাটবিহুৰ মুখপত্ৰ”বিহুৱান”উন্মোচন…

ডিজিটেল সংবাদ ঢকুৱাখনা :  অসম আৰু অসমীয়াৰ জাতীয় লোক কৃষ্টিক অতি আধুনিকতাৰ কৰাল গ্ৰাসৰ পৰা নিলগাই স্বকীয় আৰু পৰিশুদ্ধ ৰূপত উপস্থাপন কৰি অহা বৰ অসমৰ একমাত্ৰ জাতীয় উৎসৱ ফাটবিহু  । ঢকুৱাখনাবাসীৰ  প্ৰাণস্পন্দন এই ফাটবিহুৰ উৎসৱমুখীতাত শনিবাৰে দ্বিতীয় দিনাও বিধৌত হৈছে চাৰিকঢ়িয়া নদীৰ পাৰৰ মহঘুলি চাপৰিৰ বিহু বাকৰি ।

দিবা-নৈশ নিৰবিছিন্ন বৰষুণৰ বাবে পংকময় অৱস্থাৰ সৃষ্টি হোৱা বিহু বাকৰিত ফাটবিহুৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী বিহু বাকৰিত ঠন ধৰি উঠা গছ বিৰিখত কপৌফুল ৰোপণ কৰা হয় উদযাপন সমিতি ,ফাটবিহু সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত। প্ৰৱল বৰষুণৰ স্বত্তেও  ইয়াৰ পাছতে  থলুৱা শিপিনী সকলৰ মাজত ফুলাম গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হয় কৰা বিহু বাকৰিত ।

প্ৰকৃতিৰ প্ৰতিকূল পৰিবেশে বৃহৎ লোক উৎসৱটিৰ সফল উদযাপনত প্ৰবল বাধাৰ সৃষ্টি কৰাৰ মাজতো গৰিষ্ঠ সংখ্যক সংস্কৃতি প্ৰেমীৰ উপস্থিতিত দুপৰীয়া পূৰ্ণবয়স্কৰ হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় বাকৰিৰ মঞ্চত । পৰম্পৰাগত ৰীতি নীতিৰে বিহুদল সমূহক গুৱা পানেৰে মূল প্ৰৱেশ তোৰণৰ  পৰা  আদৰি নিয়াৰ পৰৱৰ্তী সময়ত  বিশিষ্ট কথা সাহিত্যিক,অৱসৰী  শিক্ষাবিদ  শিৱ প্ৰসাদ গগৈয়ে  উদ্ধোধন কৰে এই পুৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা ।

সকলো জনগোষ্ঠীৰ এই হুঁচৰি প্ৰতিযোগিতাত ১২ টা মিচিং কৃষ্টি দল , ১৩ টা পূৰ্ণবয়স্কৰ দল আৰু ৫ টা  দেউৰী কৃষ্টি দলে  স্বকীয় সাংস্কৃতিক বৈভৱ উপস্থাপণ কৰাৰ মাজতে ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ "বিহুৱান" উন্মোচন কৰা হয়।বতৰৰ বিধি পঠালিৰ বাবে সীমিত সংখ্যক সংস্কৃতি প্ৰেমীৰ উপস্থিতিত বিশিষ্ট শিক্ষাবিদ , মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ডম্বৰুধৰ নাথে উদযাপন সমিতিৰ অভিনন্দন গ্ৰহণৰ পাছতে মঙ্গল ধ্বনিৰ মাজত  মুখপত্ৰ "বিহুৱান" উন্মোচন কৰে ।

উদযাপন সমিতি আৰু ফাট বিহু সমিতিৰ সহযোগিতাত  উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা "বিহুৱান" উন্মোচন কৰি নিজৰ উন্মোচনী ভাষণত বিশিষ্ট শিক্ষাবিদ ডঃ নাথে কয় "সংস্কৃতি হৈছে বিচিত্ৰতাৰ মাজত , ভিন্নতাৰ মাজত , পৃথকতাৰ মাজত মানৱ জাতিক ঐক্যতাৰ মাজেৰে বান্ধি ৰখাৰ এক সাৰ্বজনীন শক্তি ।

উত্তৰ-পূব ভাৰতত যিমান জাতি জনগোষ্ঠী আছে  সকলো স্বতঃস্ফুট ভাবে  উপস্থিত হৈ নিজ নিজ কৃষ্টি সংস্কৃতিৰ নিভাঁজ উপস্থাপন কৰাৰ একমাত্ৰ উমৈহতীয়া থলী হ'ল ফাটবিহু বাকৰি আৰু  সমগ্ৰ উত্তৰ পূব ভাৰতৰ ঐক্য সংহতি ৰক্ষা কৰাৰ একমাত্ৰ শক্তিশালী আৰু সৰ্বজন সমাদৃত মঞ্চ হল ঢকুৱাখনাৰ ফাট বিহু। ফাট বিহুৰ যি প্ৰণালীবদ্ধ সাংগঠনিক  ভেঁটি আৰু স্থিতি সেই সাংগঠনিক ভেঁটি স্থিতিয়ে যাতে অনাগত সময়ত জাতিয় ঐতিহ্য সংৰক্ষণৰ  আদৰ্শনীয় ৰূপ হয় সেয়াই  আমাৰ কাম্য। 

এই ফাট বিহুৱেই বিশ্ব ঐতিহ্য সমন্বয়ৰ প্ৰতীক স্বৰূপে পৰিচিতি লভি সমগ্ৰ উত্তৰ পূব ভাৰত এক মুঠিত ৰখাৰ শক্তি অর্জন কৰিছে আৰু এই সকলো আদৰ্শ দৰ্শন এই ফাট বিহুত অতীজৰে পৰা অদ্যপি বিদ্যমান ।  উপাচাৰ্য ডঃ নাথে
অনাগত কালত  একক লোক সম্পদ ফাটবিহুৰ বিষয়ে হবলগীয়া গৱেষণা , ঐক্যতাৰ জয় গান গোৱা ফাটবিহুৰ সাংস্কৃতিক শক্তি আৰু ইয়াৰ ঐক্য সংহতিৰে বান্ধি ৰাখিব পৰা যি এনাজৰী সেই এনাজৰীৰ ঘাই শিপা  "বিহুৱান" বুলি আখ্যা দি এই মুখপত্ৰ "বিহুৱান"ৰ মাধ্যমেৰে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক অনুষ্ঠান ভাগী সমগ্ৰ মানৱ জাতিৰ বাবে অনুকৰণীয় হব বুলি মন্তব্য কৰে।

অন্তিম দিনৰ কাৰ্যসূচী

দেওবাৰে লোক উৎসৱ ফাট বিহুৰ অন্তিম  দিন।  অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ব বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে । অভিনেত্ৰী অমৃতা গগৈয়ে শুভ উদ্ধোধন কৰিব লগা এই  বৰ্ণিল শোভাযাত্ৰাৰ পাছতে বিহু বাকৰিত দুপৰীয়া অনুষ্ঠিত হ'ব ফাট বিহুৰ বিশেষ আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা ।  মিচিং কণ্ঠশিল্পী ৰুপা মিলিয়ে উদ্ধোধন কৰিব লগীয়া এই মুকলি বিহুৰ পাছতে বাকৰিৰ মঞ্চত অনুষ্ঠিত হ'ব মুকলি সভা ।

অভিনেতা প্ৰাঞ্জল শইকীয়াই উদ্ধোধন কৰিব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, নিৰ্দিষ্ট বক্তা হিচাবে জামুগুৰিহাটৰ বিশিষ্ট বিহু বিশেষজ্ঞ নিৰঞ্জন গোস্বামী  আৰু বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । উদযাপন সমিতিৰ উপ-সভাপতি সঞ্জীৱ গগৈয়ে জাতীয় সাজ পাৰ পৰিধানেৰে ঢকুৱাখনাবাসীৰ একক লোক সম্পদ ভাগি উপভোগৰ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in