ঢকুৱাখনাত মুখ্যমন্ত্ৰী গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণৰ শুভাৰম্ভনী…

ঢকুৱাখনাত মুখ্যমন্ত্ৰী গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণৰ শুভাৰম্ভনী…

ডিজিটেল সংবাদ ঢকুৱাখনা:  মুখ্যমন্ত্ৰী গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ কৰ্মঠ নিবনুৱা সকলৰ স্বনিয়োজনৰ সহায়ক হোৱাকৈ বাহনৰ  চালনৰ এক প্ৰণালীবদ্ধ প্ৰশিক্ষণ আঁচনি সোমবাৰে ঢকুৱাখনা নগৰত শুভাৰম্ভ কৰা হয়।  ঢকুৱাখনা নগৰৰ মহকুমা পুথিভঁৰাল প্ৰাংগণত আয়োজিত এই আঁচনিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিধায়ক নৱ দলেয়ে ।

ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ সৌজন্যত , লখিমপুৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত এই দক্ষতা  প্ৰশিক্ষণ  কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয় ঢকুৱাখনা মহকুমা পুথিভঁৰাল প্ৰাংগণত । ঢকুৱাখনাৰ ইনষ্টিটিউট অব কম্পিউটাৰ এণ্ড ইনফ'টেক একাডেমিৰ পৰিচালনাত সম্পন্ন হবলগীয়া এই প্ৰশিক্ষণৰ শুভাৰম্ভ কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে আই চি আইৰ স্কিল একাডেমীৰ পৰিচালন সঞ্চালক পৰাগ গগৈয়ে।

জীপুলিনা গগৈ আৰু সৌৰভ সূতে আঁত ধৰা  গাম্ভীৰ্যপূৰ্ণ উদ্ধোধনী সভাত ঢকুৱাখনা মহকুমাৰ  মহকুমা মহকুমাধিপতি  গুৰনেইল সিং , ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত , বজ্ৰ কুমাৰ দলে ,সেৱক চুতীয়া
আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধানসভা সমষ্টিটোৰ মুঠ ৫০ গৰাকী প্ৰক্ষিক্ষাৰ্থীক অনাগত ৪৫ দিনৰ   বাবে গাড়ী চালনাৰ গুণগত আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি আয়োজক আই চি আই স্কিল একাডেমিৰ আঁচনি সমন্বয়ক গিৰিন্দ্ৰ  বৰফুকনে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in