ঢকুৱাখনা কংগ্ৰেছৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ..

ঢকুৱাখনা কংগ্ৰেছৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ..

ডিজিটেল সংবাদ ঢকুৱাখনা: অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ পৰ্বতসম মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণ নাগৰিকৰ জীৱন নিৰ্বাহ বিপৰ্যস্ত কৰি তোলা ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে বৃহস্পতিবাৰে সবল ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত। ঢকুৱাখনা ব্লক কংগ্রেছ সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে এই জলন্ত সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত  হোৱাৰ সমান্তৰালভাৱে এক জনজাগৰন যাত্ৰা উলিওৱা হয়।

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত বিশিষ্ট নেতা পদ্মলোচন দলে,  জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মাণিকা পাতিৰ, প্রাক্তন উপ সভাপতি কেশেন চেতিয়া, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, কাৰ্যকৰী সভাপতি মুকুল গগৈ, ৰাকেশ পেগু , উপদেষ্টা লালিত্য দাস , মহিলা কংগ্ৰেছৰ সভানেত্রী কুসুম বৰুৱা, ইনামণি বৰুৱা, ইউথ ব্ৰিগেডৰ সভাপতি ৰমেন দাস, এন এছ ইউ আইৰ  ব্লক সভাপতি ধনমনি দাসৰ নেতৃত্বত কংগ্ৰেছৰ কৰ্মকর্তা সকল সমবেত হয়।

ইয়াৰ পাছতে দুপৰীয়া হাতে হাতে মূল্যবৃদ্ধিৰে নাগৰিকৰ জীৱন দুৰ্বিসহ কৰি তোলা বিজেপি মূর্দাবাদ , অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ পৰ্বতসম মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিপাত যাওক,  অকমন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, খতিখোৱা নাগৰিকৰ শত্ৰু বিজেপি হুচিয়াৰ,  তৎকালে নিত্য ব্যবহার্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক,  বিজেপিৰ কাম নাই,গো সুৰক্ষা আইন বাতিল কৰক আদি বিভিন্ন শ্লোগান দি  প্লে'কাৰ্ড লৈ পিয়াঁজৰ মালা পৰিধান কৰি ৰাজীৱ ভৱনৰ পৰা এটা বৃহৎ প্ৰতিবাদী সমদল বাহিৰ হয় ।

ঢকুৱাখনা নগৰাঞ্চলৰ মাজেৰে ৰাজপথেৰে জন জাগৰণ অভিযানেৰে  প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে পুনৰ ৰাজীৱ ভৱনত উপস্থিত হয়। পাছত ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা । কংগ্ৰেছ নেতা পদ্মলোচন দলেয়ে প্ৰতিবাদী কৰ্মী সকলক উদ্দেশ্যি চমু বক্তব্য ৰাখি বিজেপি অসম, অসমীয়া আৰু অসমবাসীৰ শুভ চিন্তক নহয় বুলি কৈ  কোৰোনাকালীন জটিল পৰিস্থিতিৰ পৰা কোনোমতে পৰিত্ৰাণ পোৱা উপাৰ্জনহীন  দৰিদ্ৰ খাটিখোৱা ৰাইজৰ মূৰত মাধমাৰ সোধাই ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰে আচলতে কেঁকুৰা চেপা দি ৰং চাইছে। দৰিদ্ৰ শ্ৰমজীৱী নাগৰিকৰ জীৱন বিপন্ন কৰি  জীয়াই থকাৰ মৌলিক অধিকাৰ গেৰুৱা চৰকাৰে খৰ্ব কৰিছে বুলি কৈ এই দল আৰু চৰকাৰ কৃষিজীৱী নাগৰিকৰ প্ৰধান আৰু প্ৰথম শত্ৰু বুলি অভিহিত কৰে দলেয়ে।

দলেয়ে গো সুৰক্ষা আইনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি বিদ্ধস্ত কৰি , কৃষকক উৎপাদিত ফচলৰ  প্ৰাপ্য মূল্যৰ পৰা বঞ্চিত কৰি গেৰুৱা দলে চহা কৃষকৰ প্ৰতি চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰা বুলি কয়। ইয়াৰ বিপৰীতে বৃহৎ পুঁজিপতি গোষ্ঠীক সৰ্বতো প্ৰকাৰে লাভাম্বিত কৰি অহা বুলি কৈ ৰাইজে অনাগত সময়ত এনে প্ৰতাৰক দল চৰকাৰৰ বিৰুদ্ধে খুব সতৰ্কতাৰে ৰাজনৈতিক প্ৰত্যুত্তৰ দিয়াৰ বিকল্প নাই বুলি কয়। সভাত সভাপতি তৰুণ চেতিয়া , লালিত্য দাস আদিয়েও চমু বক্তব্য আগবঢ়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in