ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  “ক্লিন ঢকুৱাখনা” কাৰ্যসূচী

ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  “ক্লিন ঢকুৱাখনা” কাৰ্যসূচী

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ)ৰ অৰ্ধশতিকা জোৰা জনকল্যাণমুখী পৰিক্ৰমাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি শুক্ৰবাৰে ঢকুৱাখনা নগৰ নিকাকৰণ কাৰ্যসূচী হাতত লোৱা হয়। ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস হিচাবে উদযাপিত হৈ অহা ২৪ ছেপ্টেম্বৰৰ দিনটোৰ সতে সংগতি ৰাখি ১৯৬৬ চনতে স্থাপিত ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত এই  নগৰ পৰিস্কৰণ আৰু মহাবিদ্যালয় চৌহদ পৰিস্কৰণ কৰ্মসূচী গ্ৰহণ কৰা হয়। 

মহাবিদ্যালয় এন এছ এছ গোটৰ আঁচনি বিষয়া অধ্যাপক তবেন্দ্ৰ দাস, ছাত্ৰ নেতা সুমন জ্যোতি গগৈ, ছাত্ৰী নেত্ৰী বৃষ্টি শিখা দত্তৰ নেতৃত্বত অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে ঝাড়ু , বাঢ়নী লৈ নগৰৰ ৰাজপথ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ এলেকা  আদি নিকাকৰণ কৰে। ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত মাচি তপ্ন, ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ নৰেন্দ্ৰ নাথ দত্ত, আদিয়ে সহযোগিতা আগবঢ়োৱা নগৰাঞ্চল নিকাকৰণ কাৰ্যসূচী নগৰ চাৰিআলিৰ পৰা আৰম্ভ কৰা হয়।

ঢকুৱাখনা নগৰাঞ্চলৰ লগতে মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদ নিকাকৰণ কৰাৰ পাছত এই  দিৱসৰ তাৎপৰ্য উল্লেখেৰে নগৰ চাৰিআলিত অনুষ্টুপিয়া ভাবে আয়োজন কৰা হয় এক সজাগতা পথ সভাৰ। সজাগতা সভাত সহকাৰী আয়ুক্ত মাচি তপ্ন, মহাবিদ্যালয়ৰ অধ্যাপক ড০ নৰেন্দ্ৰ নাথ দত্তই  পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু  প্ৰদূষণমুক্ত পৰিবেশ  গঢ়াত  ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ নাগৰিকৰ কৰণীয়তা সন্দৰ্ভত চমু বক্তব্য ৰাখে। সভাতে ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস উপলক্ষে "ক্লিন ঢকুৱাখনা- ক্লিন ঢকুৱাখনা মহাবিদ্যালয়" শ্লোগানেৰে উদযাপিত কৰা দিৱসটো সাফল্য মণ্ডিত কৰাৰ বাবে সকলোকে  কৃতজ্ঞতা জনাই প্ৰগ্ৰাম অফিচাৰ তবেন্দ্ৰ দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in