ধিং শাখা সাহিত্য সভাৰ উদ্যোগত শেৱালী কবি ৰত্নকান্ত বৰকাকতীৰ স্মৃতি দিৱস উদযাপন…

ধিং শাখা সাহিত্য সভাৰ উদ্যোগত শেৱালী কবি ৰত্নকান্ত বৰকাকতীৰ স্মৃতি দিৱস উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আধুনিক কবিতাৰ স্ৰষ্টা, শেৱালী কবি ৰত্নকান্ত বৰকাকতীৰ স্মৃতি দিৱসটি দেওবাৰে ধিং শাখা সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত ৰত্নভৱন প্ৰাংগণত থকা মহান কবিজনাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে কাৰ্যসূচীৰ পাতনি মেলে ধিং শাখা সাহিত্য সভাৰ সভাপতি ডাঃ বসন্ত শৰ্মাই। ইয়াৰ পিছতে ৰত্নভৱন প্ৰেক্ষাগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

শেৱালী কবিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনেৰে সভাখনি আনুষ্ঠানিকভাবে মুকলি কৰে শাখা সাহিত্য সভাৰ সম্পাদক মৃগাংক বৰাই৷ শাখা সাহিত্য সভাৰ সভাপতি ডাঃ বসন্ত শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত ধিং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বিমান হাজৰিকা, শাখা সাহিত্য সভাৰ উপ সভাপতি গুৰু দয়াল সিংহ, ধিং সাংবাদিক সন্থাৰ বিষয়-ববীয়া নৃপেন বৰা, মুকুল কলিতাকে প্ৰমুখ্য কৰি কেইবাজনো লোকে কবিজনাৰ কৰ্মৰাজি আৰু সৃষ্টিশীল কাব্য সাহিত্যৰ ওপৰত গভীৰভাবে আলোকপাত কৰে ৷

অঞ্চলৰ শতাধিক বৌদ্ধিক সমাজৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আয়োজিত উক্ত সভাত ধিং শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হৰ গোবিন্দ শইকীয়া, কাৰ্যালয় সম্পাদক জিতুমনি শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য বিনোদ বৰাৰ লগতে আকাশৰ সম্পাদিকা ৰিজুমনি বৰাও উপস্থিত থাকে। উল্লেখ্য যে, উক্ত সভাতে নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ শংকৰী সংস্কৃতিৰ অন্যতম সাধক ৰজনীকান্ত বৰা ওৰফে বাঁহী বায়নৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই এক শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in