ধিং ১নং কান্ধুলিমাৰিত বিদ্যুত পৃষ্ঠ হৈ যুৱকৰ মৃত্যু…

ধিং ১নং কান্ধুলিমাৰিত বিদ্যুত পৃষ্ঠ হৈ যুৱকৰ মৃত্যু…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত ১নং কান্ধুলিমাৰিত শোকাৱহ ঘটনা সংঘটিত হয়। গাঁও খনৰ এজন যুৱক বিদ্যুত পৃষ্ট হৈ অকাল মৃত্যুক সাবটি লয়। ২৫ বছৰীয়া মজিবুৰ ৰহমান নামৰ যুৱকজনে সোমবাৰে নিশা ৭.৩০ বজাত বৰো ধানৰ খেতিত পানী দিবলৈ যাওতে বিদ্যুৎ চালিত মটৰত লাগি বিদ্যুৎ পৃষ্ঠ হৈ যুৱক জনৰ মৃত্যু হয়।

পাছত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে। কৃষি কৰ্মৰ লগত জড়িত উদ্যমী যুৱ কৃষক জনৰ মৃত্যুত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত মজিবুৰ ৰহমানে পত্নী, দুজন কনমানি পুত্ৰ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in