মাতৃ আৰু ভনী জোঁৱায়েকে হত্যা কৰি পুতি থৈছিল বিতোপনক! ধিঙত হত্যাকাৰীৰ শাস্তিৰ দাবীত অভিযুক্তৰ ঘৰ-দুৱাৰ জ্বলালে স্থানীয় লোকে

মাতৃ আৰু ভনী জোঁৱায়েকে হত্যা কৰি পুতি থৈছিল বিতোপনক! ধিঙত হত্যাকাৰীৰ শাস্তিৰ দাবীত অভিযুক্তৰ ঘৰ-দুৱাৰ জ্বলালে স্থানীয় লোকে

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক নিৰ্মম ঘটনা। মাতৃ আৰু ভনী জোঁৱাইৰ হাতত এজন যুৱকে প্ৰাণ হেৰুৱাবলগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এমাহ পূৰ্বে নিৰুদ্দেশ হোৱা বিতোপন দাসৰ মৃতদেহ নিজ গৃহৰ পিছফালে মাটিত পুতি থোৱা অৱস্থাত শুকুৰবাৰে উদ্ধাৰ হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।

অভিযোগ অনুসৰি, এমাহ পূৰ্বে ঘৰুৱা কন্দ্বলৰ পৰিণতিত বিতোপন দাসক নিৰ্মমভাৱে হত্যা কৰি মাতৃ বিবি দাস আৰু ঘৰ জোঁৱাই তথা টেট শিক্ষক কিশোৰ কুমাৰ ডেকাই মৃতদেহটো ঘৰৰ পিছফালে পুতি থয়। ইফালে বিতোপনক বহু দিন ধৰি দেখা নোপোৱাত পৰিয়ালৰ লোকক যুৱকজনৰ সন্দৰ্ভত ওচৰ চুবুৰীয়াই সুধিলে কামৰ সন্ধানত বহিঃৰাজ্যত যোৱা বুলি মাতৃয়ে জনায় আহিছিল।

কিন্তু শুকুৰবাৰে মৃতদেহটো ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছতে গাৱঁৰ লোকে বিবি দাস আৰু কিশোৰ কুমাৰ ডেকাই যুৱকজনক হত্যা কৰাৰ অভিযোগ তুলি ৰাইজে ঘৰ-দুৱাৰ ভাঙি আচবাব জ্বলাই দিয়ে। এই ঘটনাত সম্পৰ্কীয় মোমায়েক তথা স্থানীয় চৰকাৰী গাঁওবুঢ়া ডিম্বেশ্বৰ দাসো জড়িত থকাৰ গুৰুতৰ অভিযোগ উঠিছে।

পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিতোপনৰ মাতৃ আৰু ভনীয়েকক আটক কৰি থানালৈ লৈ আনে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পুত্ৰ বিতোপন দাসে তেওঁৰ ভনীয়েকৰ স্বামী কিশোৰ কুমাৰ ডেকাক ঘৰ জোঁৱাই হিচাপে থকাৰ বিৰোধিতা কৰি আহিছিল।

আনহাতে মদৰ বেপাৰ কৰা মাতৃকো ব্যৱসায় বন্ধ কৰিবলৈ কৈছিল পুত্ৰ বিতোপন দাসে। এনে কথাক কেন্দ্ৰ কৰিয়েই ঘৰত সৃষ্টি হৈ আহিছিল কাজিয়াৰ। আৰু সেই কাজিয়াৰ পৰিণতিতে পুত্ৰক এনেদৰে হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। ইফালে, মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পলায়ন কৰে অভিযুক্ত ঘৰ জোঁৱাই কিশোৰ কুমাৰ ডেকাই। মাতৃ বিবি দাস আৰু ভগ্নী দিপলিকা দাসক আটক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in