দুৰ্ঘটনা সংঘটিত কৰি আহত শিশুক চিকিৎসালয়ত এৰি পলায়ন চালকৰঃ ৬ বছৰীয়া শিশু নিহত

দুৰ্ঘটনা সংঘটিত কৰি আহত শিশুক চিকিৎসালয়ত এৰি পলায়ন চালকৰঃ  ৬ বছৰীয়া শিশু নিহত

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বাৰুৱাটিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বেচামাৰী বাৰুৱাটি সংযোগী পথত শুক্ৰবাৰে নিশা এখন ই-ৰিক্সাৰ দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হয় কদমনি পথাৰ গাঁৱৰ চিৰাজুল ইছলামৰ ৬ বছৰীয়া পুত্ৰ।

আহত কিশোৰজনক চিকিৎসা কৰিম বুলি ই-ৰিক্সা খনে লৈ যায় যদিও ধিং এফ.আৰ. ইউত পেলাই থৈ পলায়ন কৰে ই-ৰিক্সাখনৰ চালকে। তাৰ পিছতে শুক্ৰবাৰে শিশুটিৰ মৃত্যু হয়। উক্ত ঘটনা সন্ধৰ্ভত আহোমগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in