অৰুণাচলৰ পৰা চুৰি হোৱা স্ক’ৰপিঅ গাড়ী ধেমাজিত উদ্ধাৰ…

অৰুণাচলৰ পৰা চুৰি হোৱা স্ক’ৰপিঅ গাড়ী ধেমাজিত উদ্ধাৰ…

ডিজিটেল সংবাদ, ধেমাজিঃ অৰুণাচলৰ প্ৰদেশৰ লংডিং আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰ পৰা মঙ্গলবাৰে ৰাতি ১২ মান বজাত চুৰি হোৱা এআৰ ০১ এল ২১৩৮ নম্বৰৰ ব'গা ৰঙৰ এখনি স্ক'ৰপিঅ গাড়ীখন ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ নাথ দেউৰী আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলটিয়ে পৰিত্যক্ত অৱস্থাত একেদিনাই ধেমাজি অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

জিলা সদৰৰ অসামৰিক চিকিৎসালয়খনৰ চৌহদৰ পৰা ৰহস্যজনক ভাৱে অৰুণাচলৰ চুৰি গাড়ী উদ্ধাৰ হোৱা ঘটনাটোৱে ধেমাজিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে মঙলবাৰে ৰাতিয়েই চুৰি হোৱা স্ক'ৰপিঅ গাড়ীখনৰ বিষয়কলৈ গৰাকীয়ে এজেহাৰ দিয়া ভিত্তিত অৰুণাচলৰ আৰক্ষীয়ে জি পি এছৰ সহায়ত বাহন খনৰ তথ্য লাভ কৰি অৰুণাচলৰ লগতে অসমৰ বিভিন্ন আৰক্ষী থানা সমূহলৈ প্ৰেৰন কৰা তথ্যৰ জৰিয়তে ধেমাজি আৰক্ষীয়ে তদন্ত কৰি গৈ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে ৷

ইতিমধ্যে চুৰি অনা স্ক'ৰপিঅ গাড়ীখনৰ অৰুণাচলৰ নম্বৰটো সলনি কৰি অসমৰ AS09F8385 নম্বৰ ব্যৱহাৰ কৰিছিল ৷উল্লেখ্য যে, ইয়াৰ আগতেই ধেমাজিৰ পৰা গাড়ী চুৰি চক্ৰই কেইবাখনো গাড়ী ইতিমধ্যে চুৰি নিছে ৷ এক গোপন তথ্যৰ অনুসৰি অসমত সঘনাই চুৰি হৈ থকা মটৰ চাইকেল আৰু গাড়ী সমূহ বেছি সংখ্যককেই নাগালেণ্ড আৰু অৰুণাচললৈ চুৰি চক্ৰটোৱে লৈ যায় ৷

এই বৃহৎ চুৰি চক্ৰটোৰ সৈতে ধেমাজি ও বহুকেইজন গভাইত চুৰ জড়িত হৈ থকাটো নিশ্চিত হৈছে ৷ ধেমাজি আৰক্ষীয়ে তদন্ত অবাহত ৰাখিছে যদিও এতিয়ালৈ এই সংক্ৰান্তত কোনোলোককেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in