সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন…

সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ গোৱাল চাপৰি অঞ্চলৰ প্ৰয়াত সমাজসেৱী , ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী শুকুৰবাৰে উদযাপন কৰে৷ এই উপলক্ষে পুৱা ১০ বজাত প্ৰয়াত স্বৰ্ণ প্ৰভা চেতিয়াৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰি মৃত্যু বাৰ্ষিকী আদ্যশ্ৰাদ্ধ সভাৰ উন্মোচন কৰে দেওঘৰীয়া গাওঁৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা সাধু দণ্ডীধৰ গগৈয়ে ৷

প্ৰয়াত স্বৰ্ণ চেতিয়াৰ স্বামী ভৱেন চেতিয়াই আতঁধৰা আদ্যশ্ৰাদ্ধৰ সভাত যোগেশ গোহাঞি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা জ্যেষ্ঠ নাগৰিক ৰবি গগৈ , ধেমাজি মীন বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী বুদ্ধেশ্বৰ চেতিয়া , বয়োজ্যেষ্ঠা ভাগ্যৱতী চেতিয়া , অঞ্চলটোৰ সাধুত্ৰয় ৰেৱত বৰগোহাঁই ,বিমলচেতিয়া ,বুদ্ধেন্দ্ৰ চেতিয়া , চিনু দুৱৰা গগৈ ,ৰঞ্জনা গগৈ ,মিনু বৰুৱা গগৈ , অজিত বৰুৱা , ধ্ৰুৱ শইকীয়া , হৰিধৰ চুতীয়া , কমল চেতিয়া ,উমা কান্ত দিহিঙীয়া ,জ্যোতি ৰূপা বৰুৱা ,পূৰ্নিমা চিৰিং , কমলা গগৈ ,বিশ্ব গগৈ ,আৰু প্ৰশান্ত বৰুৱাই উপস্থিত থাকি বিগত বৰ্ষৰ ১৯ জুলাইত পৰলোকগামী হোৱা স্বৰ্ণ প্ৰভা চেতিয়াৰ কৰ্মৰাজিৰ সোঁৱৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in