শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ…

ডিজিটেল ডেস্কঃ মানুহ এতিয়া অমানুহ হৈ পৰিছে। এচাম লোকৰ কৰ্মকাণ্ড দেখিলে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহ নিজেই লজ্জানত হয়। এই ঘটনা ধেমাজি জিলাৰ চিলাপথাৰৰ। এটা সামান্য কথাতেই এজন ব্যক্তিয়ে ভাবিব নোৱাৰা ধৰণে বৰ্বৰ শাস্তি দিলে তিনি শিশু ক। কেৱল শাস্তি দিয়াতে ক্ষান্ত নাথাকি শাস্তি দিয়া দৃশ্য ভাইৰেল কৰিছিল ছ’চিয়েল মিডিয়াত।

পঢ়িবলৈ ক্লিক কৰকঃ বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই…

যোৱা ৯ জুন, ২০২১ত চিলাপথাৰৰ মধ্যচিচি টঙানী পঞ্চায়তৰ মেৰদেবেৰা গাঁৱত সংঘটিত হৈছিল এই কাণ্ড। গাঁওখনৰ টঙানী নদীৰ পাৰত গৰু চৰাবলৈ গৈছিল তিনিটা শিশু। গৰু চৰাই গা ধুই থকা সময়ত নাও লৈ ঘেলি থাকোতে জগত পেগু নামৰ এজন ব্যক্তিয়ে তেওঁ নদীত পাতি থোৱা জালত শিশু কেইটাই নাও লগোৱা বুলি তিনিওকে আটক কৰে।

বহু দূৰ খেদি গৈ তিনিটা শিশুক ধৰি কাইঁটৰ জোপোহা গছত বগৰাই চৰম শাস্তি প্ৰদান কৰে এই যুৱকজনে। জগত পেগুৱে চলোৱা এই অমানসিক অত্যাচাৰৰ দৃশ্য এজন যুৱকে ম’বাইল ফোনত আৱদ্ধ কৰিছিল। এই শিশু কেইটাৰ বয়স আছিল ক্ৰমে ৮ , ৯ আৰু ১১ বছৰ। ছ’চিয়েল মিডিয়াত সেই দৃশ্য ভাইৰেল হোৱাৰ পাছত জগত পেগুৰ বিৰুদ্ধে শিশু কেইটাৰ পিতৃয়ে গোচৰ ৰুজু কৰে।

চিলাপথাৰ আৰক্ষীয়েও নিজাববীয়াকৈ এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি দেওবাৰৰ পুৱা শিশু কেইটাক ঘটনা সন্দৰ্ভত সোধ-পোছ কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰা কথা গম পাই পলায়ন কৰে জগত পেগু। স্থানীয় দল-সংগঠনে শিশুৰ ওপৰত এনে বৰ্বৰ অত্যাচাৰ চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি