বান নিয়ন্ত্রণত ব্যৰ্থ হোৱা জলসম্পদ বিভাগৰ কাৰ্যালয়ত তলা ওলমালে ধেমাজি জিলা ছাত্র সন্থাই…

বান নিয়ন্ত্রণত ব্যৰ্থ হোৱা জলসম্পদ বিভাগৰ কাৰ্যালয়ত তলা ওলমালে ধেমাজি জিলা ছাত্র সন্থাই…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জলসম্পদ বিভাগে সময় মতে বিধ্বস্ত মথাউৰি সমূহ মেৰামতি নকৰা, ইতিমধ্যে ধেমাজিত ভগ্ন মথাউৰি সমূহ আজি পৰ্যন্ত জলসম্পদ বিভাগে নিৰ্মান নকৰা আৰু জল সম্পদ বিভাগৰ কাৰ্য্যালয়ত ৰাইজে বিভাগৰ কৰ্মচাৰীক সময় মতে বিচাৰিলেও বিভাগটো কৰ্মচাৰীক বিচাৰি নোপোবা ইত্যাদি কেবাটাও দাবীত শনিবাৰে ধেমাজি জিলা ছাত্ৰ ও বান ক্ষতিগ্ৰস্তৰ সহ ৫ শতাধিক লোকে ধেমাজি জল বিভাগৰ কাৰ্য্যবাহী অভিযন্তা কাৰ্য্যালয়ৰ সন্মুখত আধাঘন্টাকৈ অধিক সময় ধৰি বিক্ষোভ কৰি পিছত জল সম্পদ বিভাগৰ কাৰ্য্যালয়টো তলা লগাই বন্ধ কৰি দিয়ে ৷

ধেমাজি জল সম্পদ বিভাগটোত এজন কাৰ্যবাহী অভিযন্তা, দুজন সহ কাৰ্যবাহী অভিযন্তাৰ সৈতে বহু কেই গৰাকী কনিষ্ঠ অভিযন্তা আছে যদিও তেওঁলোকৰ অমনোযোগিতাৰ আৰু অদক্ষতা বাবেই ধেমাজি জিলাখনৰ কোনো এখন নদীকে আজিলৈকে নিয়ন্ত্রণ কৰিব পৰা নাই । সেয়েহে চাকৰি কৰা নামত এনে পাল মৰা বিষয়া-কৰ্মচাৰী কাৰ্যালয়ত থকাতকৈ নথকাই ভাল বুলি কৈ কাৰ্যলয়টোত তলা ওলোমাই দিব লাগে বুলি ব্যক্ত কৰে ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাই ।

ধেমাজি জলসম্পদ বিভাগটো বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰ সকলৰ বাবে সোণৰ কণী পৰা হাঁহ ৰূপে পৰিগণিত হৈছে। বছৰি কোটি কোটি টকা আবন্টণ হৈছে যদিও বিভাগৰ অদক্ষতা আৰু হেমাহিৰ বাবেই আজিলৈকে কোনো এখন আচঁনিয়ে প্ৰাককলন মতে হৈ নুঠিলে । জীয়াঢল নদীয়ে বিগত দুটা বছৰে উন্মুক্ত কৰি ৰখা ৮.০০ কি.মি. অংশৰ নিৰ্মাণৰ বাবে আজিলৈকে কোনো বিজ্ঞানসন্মত আচঁনি প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলে ।

যাৰ পৰিপেক্ষিতত এজাক বৰষুণতে সেই উন্মুক্ত মথাউৰিদে পানী সোমাই আহি চমৰাজান, হাতীগড়, বাটঘৰীয়া, নৰুৱাথান, ঘুগুহা পঞ্চায়তৰ প্ৰতিখন গাওঁত বিভীষিকাৰ সৃষ্টি কৰি আহিছে । ভাদ মাহৰ শেষৰ দিনটোত অৰ্থাৎ বিশ্বকৰ্মা পুজাঁৰ দিনা পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীয়ে মৰিঢল লক্ষীপথাৰ, বৰুৱা, জামুগুৰি অঞ্চলত তাণ্ডৱ চলোৱাৰ লগতে জীয়াঢল নৈৰ বাঢ়নী পানীয়ে ১৫ নং ৰাষ্টীয় ঘাইপথৰ ওপৰেদি বাগৰি গৈ যাতায়ত ব্যৱস্থা বন্ধ কৰি দিব লগা পৰিস্থিতি সৃষ্টি হৈছে তাৰ লগতে নদীয়ে ৰটোৱা অঞ্চলত জলসম্পদ বিভাগৰ বাওঁফালৰ ই. এণ্ড.ডি মথাউৰিটোৰ ১২০ মিটাৰ অংশ ভাঙি নিয়াৰ লগতে সাপেখাতি অঞ্চলত সোপাঁৰৰ মথাউৰিৰ এটা অংশ ওটোৱাই লৈ যায় ।

১৯৭৬ চনতে নিৰ্মিত ৰটোৱাৰ সেই মথাউৰিটো মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে আজিলৈকে বিভাগে কোনো পদক্ষেপ নোলোৱা বাবেহে এনে পৰিস্থিতিৰ সৃষ্টি হয় । তাৎপৰ্যপূৰ্ণভাবে ২০১৭ চনতে ৰটোৱাৰ কাষতে থকা আদৰ্শ গাওঁ মথাউৰি ভঘা অংশ জিউটিউৱ পদ্ধতিৰে নিৰ্মাণ কৰিছিল যদিও অতি নিম্নমানৰ জিউটিউৱ লগোৱাৰ ফলত সেই বেগ সমূহো ফাটি ছিটি যোৱা পৰিলক্ষিত হৈছে । ৰটোৱা আৰু সাপেখাতী অঞ্চলত মথাউৰি খহি যোৱাৰ আগজাননি পাইয়ো বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ জাঙুৰ খাই উঠিছে ।

সেয়েহে মথাউৰিটোৰ ভঙা অংশৰ দায়িত্বত থকা সুব্ৰত দাস আৰু প্ৰদীপ কোৱঁৰ নামৰ সহ অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা জনৰ লগতে প্ৰতিজন বিষয়া কৰ্মচাৰীৰ ওপৰত অতিশ্ৰীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ধেমাজি জিলা ছাত্র সন্থাই । অনুষ্ঠিত হোৱা বিক্ষোভ কাৰ্য্যসূচীৰ স্হলিতে প্ৰতিবাদী কাৰী সকলে শাসক দলৰ ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুক তূলাধূনা দিয়ে জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাই ।

কেৱল সুবিধাবাদৰ ৰাজনীতি আৰু তৈলমৰ্দনৰ ৰাজনীতিত জড়িত থকা বিধায়ক জনে জিলাখনৰ বান সমস্যাৰ সমাধানৰ বাবে বিধানসভাত সজোৰে দাবী উত্থাপন কৰিব নোৱাৰিলে আজিলৈকে । এইজন অদক্ষ বিধায়কৰ দুৰ্বলতা তথা হেমাহিৰ বাবে এই বছৰ বাৰিষাৰ আগত মথাউৰি নিৰ্মাণৰ বাবে পুজিঁ আবন্টন কৰি আনিব নোৱাৰিলে, যাৰ বাবে সমগ্ৰ জিলা বাসী আজি বানত ককবকাই থাকিব লগা হৈছে ।

বাৰিষাৰ সময়ত জিলাখনলৈ দুবাৰকৈ জলসম্পদ মন্ত্রী, মুখ্যমন্ত্রী আহিল যদিও জীয়াঢল নৈৰ উন্মুক্ত হৈ থকা ৮ কি.মি অংশটো দেখুৱাবলৈ সৎ সাহস নহ'ল। তাৰ স্পষ্ট প্ৰমান পোৱা যাই যেতিয়া মুখ্যমন্ত্রীৰ ভ্ৰমণৰ সময়ত কুমটীয়া নদীৰ দলংৰ কাষত কুমটীয়া দলং আৰু ১৫ নং ৰাষ্টীয় ঘাইপথৰ সুৰক্ষাৰ বাবে ৰাষ্টীয় ঘাইপথ বিভাগে নিৰ্মাণ কৰা শিলৰ স্পাৰটোকে জলসম্পদ বিভাগৰ মথাউৰি বুলি মুখ্যমন্ত্রী গৰাকীক দেখুৱায় ।

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বান সমস্যা সমাধানৰ বাবে কোনো সদিচ্ছাই নাই, কেৱল বান আক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ সহানুভূতি তথা সুবিধাবাদৰ ৰাজনীতি কৰি যাব বিচাৰিছে বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়া গৰাকীয়ে সমালোচনা কৰে ৷ সেয়েহে আগন্তুক দিনত সুবিধাবাদৰ ৰাজনীতি কৰা তথা সাধাৰণ ৰাইজৰ জীৱন সম্পত্তিক নিৰাপত্তা দিব নোৱাৰা ধেমাজি আৰু জোনাই সমষ্টিৰ দুইজন বিধায়ক আৰু বিজেপি দলটোক এইবাৰ উচিত প্ৰত্যুত্তৰ দিব বুলি উপস্থিত ৰাইজে ব্যক্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মন্টুৰাজ বৰুৱা, গোপাল দাস লগতে বান আক্ৰান্ত শালমাৰী, চেচাঁহৰ, আমোলগুৰি, ঘেয়াৰী গাওঁৰ শতাধিক ৰাইজ উপস্থিত থাকে।প্ৰতিবাদৰ শেষত জিলা ছাত্র সন্থাৰ কৰ্মকাত সকলে ধেমাজি জলসম্পদ বিভাগৰ মূল দুৱাৰ আৰু প্ৰৱেশদ্বাৰত তলা ওলমাই দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in