ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল…

ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে ধেমাজি চকুলো জীয়াঢল আৰু কুমটীয়া নদীৰ নিয়ন্ত্ৰণৰ পদক্ষেপত এতিয়ালৈকে কিমান কেইটাৰ আচঁনিৰ ৰূপায়নৰ জৰিয়তে এতিয়ালৈকে হোৱা খৰচৰ খতিয়ানৰ সম্পৰ্কে সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত হোৱা এক সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে ৷ সংবাদমেলত বিধায়ক পেগুৱে বিগত ২৫ বছৰে হৈ নুঠা জীয়াঢল আৰু কুমটীয়াৰ নদীৰ ক্ষেত্ৰত বিগত বিজেপি চৰকাৰৰ চাৰিটা বৰ্ষত ৫৩ কোটিত কৈ অধিক ধনৰ আচঁনিৰ ৰূপায়নৰ সম্পৰ্কে অৱগত কৰে ৷

বিধায়ক গৰাকীয়ে জনোৱা মতে, ইতিমধ্যে কুমটীয়া নদীৰ সোঁ ফালৰ মথাউৰি নেপালী বস্তি পৰা গুড়থালি চাপৰিত এছ ডি আৰ এফৰ শিতানত আউনীআটী গাঁৱত ৩ কোটি , কুমটীয়া নদীৰ বাওঁ পাৰৰ গুড়থালি চাপৰিত এছ অ পি ডি শিতানত ৪ কোটি ৯৯ লাখ ৬২ হেজাৰ , কুমটীয়া নদীয়ে গুড়থালি আৰু চাপৰিত বিধৱস্ত কৰা মথাউৰি পেহিয়তীত এচ ডি আৰ এফৰ শিতানত ১০ কোটি ৭০ লাখ , কুমটীয়া বাওঁ পাৰৰ মথাউৰি গুড়থালি চাপৰিত ৪১লাখ ৭২ হেজাৰ টকাৰ ধন এচ ডি আৰ এফ ৰ শিতানত , ভকত গাওঁৰ নেপালীখুটিৰ পৰা গুড়থালিত ২কোটি ৫০ লাখ এচ ডি আৰ এফ শিতানত , অভয়পুৰ গাওঁত ২কোটি , নাৱাৰ্ডৰ শিতানত হলৌডুঙাত কমটীয়া নদী নিয়ন্ত্ৰণৰ বাবে ২ কোটি ৫০ লাখ টকা , এচ অ পি ডি আৰু এফ ডি আৰ শিতানত সাপেখাটিত ১৩ কোটি ৯৮ লাখ , আদৰ্শগাওঁত এচ ডি আৰ এফ শিতানত ৪ কোটি ৫৮ লাখ , ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ অধিনত ৪ কোটি সৈতে সৰ্ব্ব মুঠ ৫৩ কোটিত কৈ অধিক টকা আচঁনিৰ জীয়াঢল আৰু কুমটীয়াৰ নিয়ন্ত্ৰণৰ বাবদ খৰচ হোৱা খতিয়ানৰ সম্পৰ্কে সংবাদমেলত অৱগত কৰে ৷

এই আচঁনিৰ উপৰিও ইতিমধ্যে জীয়াঢল নদীয়ে চমৰাজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটা অংশতো ভাবুকিৰ সৃষ্টি কৰাৰ স্হান সমূহত পকী দলঙৰ ব্যৱস্থা কৰা উপৰিও বিগত মাহতেই জীয়াঢল নদীৰ উজনি অংশৰ বৰ্মন গাঁৱত তাৎক্ষণিক নিৰাপত্তাৰ বাবে ৫ কোটি টকাৰ আচঁনিৰ ভিতৰত আগতীয়াকৈ ২ কোটি টকাৰ ধনৰ আৱন্টনৰে দ্ৰুত গতিৰে কাম কৰাই থকা হৈছে বুলি উল্লেখ কৰে ৷

সংবাদমেলত বিধায়কে জীয়াঢল আৰু কুমটীয়া নদীয়ে মূল সুঁতিয়েদি পানী যাব পৰাকৈ নদীৰ প্ৰয়োজন অংশত চেনেল কাটিঙৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে ৷ সোমবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত বিধায়কৰ সৈতে বি জে পিৰ ৰাজ্যিক পৰিষদৰ সদস্য বলোৰাম দিহিঙীয়া ও উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in