ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ…

ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ…

ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰতীয় ৰেল'ৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত বুধবাৰে ধেমাজি ৰেলৱে ষ্টেচনৰ সমীপত শ্ৰমিক সকলৰ বাবে ই-শ্ৰম পঞ্জীয়নৰ প্ৰক্ৰিয়া কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰতীয় ৰেল'ৱে মাল গুদাম সংঘৰ উত্তৰ পূৰ্ব মণ্ডলৰ প্ৰভাৰী পঞ্চানন ডেকাই ৷ উদ্ধোধনী ভাষণত উত্তৰ পূৰ্ব মণ্ডলৰ প্ৰভাৰী গৰাকীয়ে ভাৰতীয় ৰেলৱে শ্ৰমিক সংঘৰ জৰিয়তে ৰেলৱে শ্ৰমিক সকলে লোডিং আৰু আন লোডিঙৰ কৰ্ম ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ভুগি অহা খোৱাপানী , থকা ঘৰ , ৰেল পাছ , মেডিকেলৰ সুবিধা ইত্যাদি প্ৰয়োজনীয় শ্ৰমিক সকলৰ কেতবোৰ সমস্যা সম্পৰ্কে অৱগত কৰে ৷

তেওঁ বক্তব্যত ২০০৩ চনতেই ভাৰতীয় ৰলোৱে শ্ৰমিক মাল গুদাম সংঘই কেন্দ্ৰীয় চৰকাৰৰ তদানীন্তন ৰেলৱে মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ সৈতে সংঘৰ ১৩ দফীয়া দাবী সম্পৰ্কত দ্বি-পাক্ষিক আলোচনা কৰা হৈছিল যদিও কোনো ফলবৰ্তী হোৱা নাছিল বুলি উল্লেখ কৰে৷ কিন্তু চলিত বৰ্ষৰ ২১ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ ৰেল মন্ত্ৰালয় অধীনত হোৱা বৈঠকৰ পিছৰাই শ্ৰমিক সকলৰ সমস্যাসমূহ সংঘই ইতিমধ্যে স্বীকৃতি লাভ কৰিছে৷ এই স্বীকৃতি প্ৰাপ্য মান সমূহ শ্ৰমিক সকলক দিবৰ বাবে ভাৰত চৰকাৰৰ শ্ৰম বিভাগৰ মন্ত্ৰালয়ৰ ওচৰত সময়তে শ্ৰমিকসকলৰ তথ্যসমূহ ডাটাবেছ ভিত্তিত দি কিদৰে শ্ৰমিক সকলৰ সুবিধা গ্ৰহণ কৰি পাৰি সেই উদ্দেশ্য বুধবাৰে ধেমাজিত ই-শ্ৰম প'ৰ্টেল শুভাৰম্ভণি কৰা বুলি জানিবলৈ দিয়ে ৷

এই উপলক্ষে বুধবাৰে দুপৰীয়া ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ সভাপতি দাৰেন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ অসমৰ সভাপতি অতুল ৰাজখোৱা , ধেমাজি জিলা শ্ৰম বিষয়া ড° ভৱজিৎ দলে , শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে ৷ জিলা শ্ৰম বিষয়া গৰাকীয়ে ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ উপস্থিত সকলো কৰ্মকতা তথা সংঘৰ বিষয়ববীয়া সকললৈ শুভেচ্ছা জনায় বক্তব্যত কয় যে ই-শ্ৰম পৰ্টেলৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিক সকলে কিদৰে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰি সেই বিষয়ে সবিশেষ অৱগত কৰা লগতে জিলা শ্ৰম বিভাগৰ কাৰ্য্যালয় ফালৰ পৰা যি কৰিব লগীয়া থাকে সেইখিনি সকলো সময়তে সহায় কৰিবলৈ সদায় প্ৰস্তুত থাকিব বুলি বিষয়া গৰাকীয়ে আশ্বাস দিয়ে ৷

তেওঁ এই ই-শ্ৰম পৰ্টেলৰ জৰিয়তে বিভিন্ন খণ্ডৰ শ্ৰমিকসকলক সাহায্য দিব বাবে ভবিষ্যতেও বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰা সম্পৰ্কে উল্লেখ কৰে ৷ অনুষ্ঠানত ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ সাধাৰণ সম্পাদক দুৰ্লভ সোণোৱাল , ধেমাজি ৰেলৱে ষ্টেচন মাষ্টাৰ, ভাৰপ্ৰাপ্ত ধেমাজি ৰেলৱে ষ্টেচনৰ জি আৰ পি এফ, ভাৰতীয় খাদ্য নিগমৰ ধেমাজিৰ ভাৰপ্ৰাপ্ত বিষয়া উপৰিও অন্যান্য বহুকেই গৰাকী অতিথিয়ে অনুষ্ঠানত উপস্থিত থাকে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in