এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ…

এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ…

ডিজিটেল সংবাদ, ধেমাজিঃ লকডাউন, সান্ধ্য আইনৰ সুৰঙা লৈ এন এইচ পি চিৰ কতৃপক্ষই গেৰুকামুখলৈ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই আনি থকা প্ৰতিবাদত মঙলবাৰে বিয়লি ২ বজাত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ১৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মখুত এন এইচ পি চি গ'বেক , অসম চৰকাৰ ময়মতালি নচলিব , এন এইচ পি চিৰ দাদা গিৰি নচলিব, নামনি বাসী ৰাইজৰ নিৰাপৰ্ত্তা সু নিশ্চত কৰক, বান লবি ওচৰত আঠু লোৱা অসম চৰকাৰ হুচিয়াৰ, বিজেপি গ'বেক , আৰ এচ এচ গ'বেক, বিজেপি চৰকাৰ হুচিয়াৰ, আৰ এচ এচ হুচিয়াৰ আদি ধব্বনিয়ে বেনাৰ, পুষ্টা, প্লে কৰ্ড লৈ আধা ঘন্টাকৈ অধিক সময় ঘৰি প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে ৷

কাৰ্য্যসূচীৰ অন্তত কৰ্মী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এন এইচ পি চিৰ কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ কৰে ৷ উপস্হিত থকা ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দিপক শৰ্মাই অসম চৰকাৰ আৰু এন এইচ পি চিৰ কতৃপক্ষই ৰাইজক পন বন্ধি কৰি বলপূৰ্বকভাবে নিৰ্মান সামগ্ৰী কঢ়িয়াই অনাৰ বন্ধ কৰিলৈ সকীয়াই দিয়ে ৷ইয়াৰ লগতে যি সমূহ পৰিবহন কাৰী সন্থাই এন এইচ পি চিৰ নিৰ্মান সামগ্ৰী কঢ়িয়াই আছে তেনে প্ৰতিষ্ঠান সমূহক অনতিপলমে গেৰুকামুখলৈ সামগ্ৰী কঢ়িয়াই নিবলৈ সকীয়াই দিয়ে ৷ অন্যথা সমগ্ৰ অসমতে দল সংগঠন আৰু ৰাইজে তেনে প্ৰতিষ্ঠান সমূহৰ কাজ বন্ধ কৰি দিবলৈ বাধ্য হ'ব বুলি কয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in